এজন মানৱ দৰদী চিকিৎসকৰ কথাৰে

0 243

এগৰাকী চিকিৎসকৰ আদৰণীয় পদক্ষেপ। নাম তেওঁৰ উৎপল কটকী। ঘৰ মহানগৰীৰ জু ৰোড তিনিআলিত যদিও তেওঁ কৰ্মসূত্ৰে ৪০ বছৰ ধৰি ডুবাইত বসবাস কৰি আহিছে। বৰ্তমানো তেওঁ ডুবাইৰ বাসিন্দা লগতে এখন বিদ্যালয়ৰ এগৰাকী চিকিৎসক হিচাপে কাম কৰি চিকিৎসা সেৱা আগবঢ়ায় আহিছে । প্ৰতিবছৰে তেওঁ বছৰটো শেষৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ তথা নিজৰ জন্মস্থান ঘৰলৈ আহে। আৰু তেওঁ এক ভিতৰুৱা অঞ্চলত যত চিকিৎসালয়ৰ অসুবিধা, চিকিৎসক নাযায় তেনে এক ভিতৰুৱা অঞ্চললৈ গৈ নিজাববীয়াকৈ এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি সেৱা আগবঢ়োৱাৰ লগতে ঔষধ যোগান ধৰে। এইবাৰ তেওঁ পলাশবাৰী সমষ্টি তথা অসম মেঘালয় সীমান্তৰ চানডুবি সমীপৰ বাৰেগাৱত এটি নিজাববীয়াকৈ চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰি সেই অঞ্চলৰ লোক সকলক চিকিৎসা সেৱা আগবঢ়াৰ লগতে ঔষধ যোগান ধৰে।প্ৰায় শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে অতিৰিক্ত ৰোগী সকলক চিকিৎসাৰ ক্ষেত্ৰত সুবিধা কৰি দিব বুলি কয়।উল্লেখযোগ্য যে কৰ্মসূত্ৰে ডুবাইৰ বাসিন্দা যদিও নিজৰ জন্মভূমিৰ জনসাধৰণৰ প্ৰতি মৰম আৰু আন্তৰিকতা থকা মানুহখিনিৰ হৈ সেৱা কৰি ভালপোৱা উৎপল কটকীয়ে মাজুলী, মঙ্গলদৈ, নলবাৰী, শদিয়া আদি ৰাজ্যৰ বিভিন্ন ঠাইত ১৩ বছৰ ধৰি এনেদৰে চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।খবৰ যুগুতালে ছয়গাৱৰ পৰা জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.