কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা

0 363

কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে।এই সন্দৰ্ভত ইতিমধ্যে জাননী প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।
 
 
অহা ১৫জুলাইৰ পৰা ২৫জুলাই সন্ধিয়া ৭বজাৰ ভিতৰত শিক্ষাৰ্থীসকলে নামভৰ্তিৰ আবেদন জমা কৰিব পাৰিব। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইনৰ জৰিয়তে কৰা হ’ব।
 
 
শিক্ষাৰ্থী সকলে অনলাইন আৱেদন কৰাৰ বাবে ইতিমধ্যে ৱেবছাইট এটা মুকলি কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ www.cottonuniversity.ac.in ৱেৱচাইটটোৰ জৰিয়তে অহা ১৫জুলাইৰ পৰা শিক্ষাৰ্থী সকলে আৱেদন কৰিব পাৰিব৷ উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ৱেৱচাইটযোগে অহা ৩০জুলাইত মেধাৰ তালিকা প্ৰকাশ কৰিব।
 
স্মৰ্তব্য যে যিহেতু আৱেদন প্ৰক্ৰিয়া অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হ’ব সেয়েহে শিক্ষাৰ্থীসকলে কোনোধৰণৰ শৈক্ষিক মাছুল প্ৰদান কৰিব নালাগে। আনহাতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে ৩২০ খন আসন আছে। কলা শাখাত ১২০ খন আসন আছে৷ সমান্তৰালভাৱে বিশেষভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে ৩শতাংশ আসন সংৰক্ষিত থাকিব ৷

Leave A Reply

Your email address will not be published.