দেশজুৰি সমাদৰ লাভ কৰিছে বাঁহৰ বটলে

0 254

বাঁহৰ টিফিনৰ পিছত বাঁহৰ বটলে সমগ্ৰ দেশতে জনপ্ৰিয়তা লাভ কৰিছে। কালি মণিপুৰৰ বাঁহৰ টিফিনৰ জনপ্ৰিয়তাৰ বিষয়ে এন ই ফ’কাচ ডট কমত প্ৰকাশ পাইছিল। শেহতীয়াকৈ ত্ৰিপুৰাৰ আগৰতলাৰ Rehabilitation plantation corporation Lmtd.ৰ উদ্যোগত প্ৰস্তুত হৈছে বিভিন্ন ধৰণৰ বাঁহৰ পানীৰ বটল।
 
 
 
 
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ত্ৰিপুৰাৰ ৰিয়াং, দেৱবাৰ্মা, জামাতীয়া জনজাতিৰ বাঁহৰ সা সঁজুলি প্ৰস্তুত কৰাটো এক পূৰ্বৰ পৰম্পৰা। সেই পৰম্পৰাকে আধুনিক কৌশল খটুৱাই তথা নতুন ধৰণে বাঁহৰ বটল প্ৰস্তুত কৰিছে। এইসম্পৰ্কে ত্ৰিপুৰাৰ Rehabilitation plantation corporation Lmtd.ৰ মাৰ্কেটিং বিভাগৰ কাৰ্যবাহী বিষয়া মণিময় সোমে কয় যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা পানীৰ বটল প্ৰস্তুত কৰাৰ বাবে প্ৰয়াস কৰিছো। সম্প্ৰতি তিনিশ নিবনুৱাক আমি প্ৰশিক্ষণ প্ৰদান কৰি আছো।
 
 
 
উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন ঠাই যেনে দিল্লী, বিশাখাপট্টনম, পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা ইতিমধ্যে বাঁহৰ বটলৰ অৰ্ডাৰ আহিছে। জানিব পৰা মতে সপ্তাহত ৩০০তকৈও অধিক বটল উৎপাদন হয়।
 
 
যিসময়ত পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ প্লাষ্টিকজাত সামগ্ৰীৰ নিষিদ্ধকৰণৰ বাবে সমগ্ৰ বিশ্বতে সজাগতা আৰম্ভ হৈছে, সেই সময়ত উত্তৰ পূৱত স্থানীয়ভাৱে উপলব্ধ উপাদানেৰে বিভিন্ন  সা সামগ্ৰী প্ৰস্তুত হোৱা বাতৰিয়ে নিশ্চয়কৈ ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

Leave A Reply

Your email address will not be published.