কটন বিশ্ব বিদ্যালয়ত Y20 ৰ আলোচনা চক্ৰ সম্পন্ন

0 195


ভাৰত চৰকাৰৰ উদ্যোগত সমগ্ৰ দেশতে চলি থকা G20 ৰ সন্মিলনৰ অংশৰূপে কটন বিশ্ববিদ্যালয়ত Y20 ৰ আলোচনা চক্ৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল।কটন বিশ্ববিদ্যালয় আৰু থিংক ইণ্ডিয়াৰ সহযোগত যুটীয়াভাৱে ইন্টেলেক্সুৱেল ফ’ৰাম অৱ নৰ্থ ইষ্টে (IFNE) আয়োজন কৰা এই অনুষ্ঠানৰ মূল বিষয়বস্তু হ’ল ভাৰতীয় জ্ঞান ব্যৱস্থা বিশ্ব দৃষ্টিভংগীৰে অতীত,বৰ্তমান আৰু ভৱিষ্যত।এই অনুষ্ঠানৰ প্ৰথম সত্ৰত যুৱ সমাজ,প্ৰজ্ঞা আৰু জ্ঞান বিষয়ৰ আধাৰত ড°দিগন্ত বিশ্ব শৰ্মাই আলোকপাত কৰে।গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ‘ড্ৰাগছ আৰু শাসন ব্যৱস্থা’ বিষয়ৰ ওপৰত নিজৰ ভাষণ প্ৰদান কৰে। কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপিকা সংগীতা বৰঠাকুৰে অনুষ্ঠানটো পৰিচালনা কৰে।

এই অনুষ্ঠানতে দ্বিতীয় ভাগৰ অন্তিম সত্ৰৰ আদৰণি ভাষণ জনায় কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই।ইয়াৰ পিছত ৰাজ্যসভাৰ সংসদ তথা ভাৰতৰ অন্যতম ৰাষ্ট্ৰ্ববাদী বক্তা ড° সুধাঞ্চু ত্ৰিবেদীয়ে মূল বিষয়ত ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতেই অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰায় পাঁ‌চ শতাধিক ছাত্ৰ-ছাত্ৰী আৰুউপস্থিত দৰ্শকে তেখেতৰ সৈতে মত বিনিময় কৰে।

অনুষ্ঠানটোৰ আঁ‌ত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় শিখা বাচনেট আৰু মিথিংগা ব্ৰহ্মই। উল্লেখযোগ্য যে Y২০ হৈছে G ২০ ৰ সকলো সদস্য,দেশৰ যুৱক – যুৱতী সকলে বিশ্ব জনীন বিষয় সমূহৰ ওপৰত আলোচনা কৰিব পৰা এক আনুষ্ঠানিক পৰামৰ্শ মঞ্চ।

Leave A Reply

Your email address will not be published.