কথামতেই কাম-নিজা খৰছত নিৰ্মাণ কৰা আৱক্ষ মূৰ্তি উন্মোচন কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে

0 254

চৰাইদেউ মহকুমা গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত হেমকান্ত বসুমতাৰীৰ আৱক্ষমূৰ্তি উন্মোচন কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে। কোনো ধৰণৰ চৰকাৰী পুঁজিৰে নহয় ব্যক্তিগত পুঁজিৰে নিৰ্মাণ কৰা আৱক্ষ মূৰ্ত্তিটো সোণাৰিৰ লাচিত উদ্যানত উন্মোচন কৰে সাংসদগৰাকীয়ে।
 
 
 
 
২০১৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে চৰাইদেউ মহকুমা গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত হেমকান্ত বসুমতাৰীৰ আৱক্ষমূৰ্তি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। সেই অনুসৰি নিজা খৰচত নিৰ্মিত প্ৰয়াত ব্যক্তিগৰাকীৰ এটা আৱক্ষমূৰ্তি উন্মোচন কৰা লগতে এটা পথো নামাকৰণ কৰে সাংসদগৰাকীয়ে।
 
 
সোণাৰিৰ বেঙেনাবাৰী টিয়কহাবি অঞ্চলৰ পৰা পদব্ৰজে, চাইকেলেৰে বিভিন্ন ঠাই ঘুৰি বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ অন্তত অশেষ চেষ্টাৰ ফলশ্ৰুতিত ১৯৮৩ চনত চৰাইদেউ মহকুমা গঠনত অৱদান আগবঢ়োৱা হেমকান্ত বসুমতাৰীৰ প্ৰতিমূৰ্তি সোণাৰিৰ লাচিত উদ্যানত উন্মোচন কৰে সাংসদগৰাকীয়ে। আনহাতে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰাৰ লগতে প্ৰয়াত হেমকান্ত বসুমতাৰীৰ পৰিয়ালবৰ্গৰ ওপৰিও সোণাৰিৰ যথেষ্ট সংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা আৱক্ষ মূৰ্তি উন্মোচনী সভাত সাংসদ তপন কুমাৰ গগৈয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱা পথছোৱা প্ৰয়াত হেমকান্ত বসুমতাৰীৰ নামেৰে নামাকৰণ কৰা বুলি ঘোষণা কৰে।
 
 
 
উল্লেখ্য যে চৰাইদেউ মহকুমা গঠনৰ বাবে কৰা নি:স্বাৰ্থ সেৱা আগবঢ়োৱা ব্যক্তিগৰাকী হ’ল সোণাৰিৰ পাৰ্শ্বৱৰ্তী বেঙেনাবাৰী টিয়কহাবি অঞ্চলৰ প্ৰয়াত হেমকান্ত বসুমতাৰী। ১৯২১ চনত জন্মগ্ৰহণ কৰা এই গৰাকী ব্যক্তিয়ে ১৯৫৫ চনৰপৰা ১৯৮৩ চনলৈ তিনিটা দশক পদব্ৰজে, চাইকেলেৰে ঘুৰি অবিভক্ত শিৱসাগৰ জিলাৰ লগতে লক্ষিমপুৰ, ধেমাজি আদি অঞ্চলৰপৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি সোণাৰি, সাপেখাতিকে ধৰি বহু অঞ্চলৰ সমাজহিতৈষী ব্যক্তিৰ সহযোগত চৰকাৰী ঘৰত জমা দি ১৯৮৩ চনত চৰাইদেউ মহকুমা গঠনৰ বাবে চৰকাৰক বাধ্য কৰোৱা ব্যক্তিগৰাকীয়েই হ’ল প্ৰয়াত হেমকান্ত বসুমতাৰী।
 
 
 
নিজৰ গাঁথিৰ ধন ভাঙি সেই সময়ত শ্বিলং, দিছপুৰলৈ গৈ মন্ত্ৰী , বিধায়কৰ অফিচে অফিচে স্মাৰকপত্ৰ দি হেমকান্ত বসুমতাৰীয়ে সোণাৰি মহকুমা গঠন সংগ্ৰাম পৰিষদৰ নেতৃত্ব দি চৰাইদেউবাসীক চৰাইদেউ মহকুমা দি ১৯৮৫ চনৰ ১৭ ফেব্ৰুৱাৰীত জীৱন বাটৰ পাতনি মেলিলে । অথচ সোণাৰি সমষ্টি নিজৰ দখলত ৰখা কংগ্ৰেছ দলে এইগৰাকী ব্যক্তিক যথোচিত সন্মান জনোৱা পৰিলক্ষিত নহ’ল বিগত সময়ত। সোণাৰি সমষ্টিটো সুদীৰ্ঘ দিন কংগ্ৰেছৰ দখলত থকা পাছতো চৰাইদেউ মহকুমা গঠনত নেতৃত্ব দিয়া প্ৰয়াত হেমকান্ত বসুমতাৰীক উপযুক্ত স্বীকৃতি প্ৰদান নকৰিলে।
 
 
 
অৱশ্যে ২০১৬ চনত সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে বিজেপি দলৰ পৰা প্ৰাক্তন ছাত্ৰ নেতা তপন কুমাৰ গগৈ নিৰ্বাচিত হোৱাৰ পাছত নিজা খৰচত সোণাৰিত এটা আৱক্ষ মূৰ্ত্তি স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা লগতে এটি পথ নামাকৰণৰে ৰাইজৰ মাজত সংগ্ৰামী ব্যক্তিগৰাকীক জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। আৰু তাৰেই ফলশ্ৰুতিত এটা আশাসুধীয়া প্ৰচেষ্টা কালি বাস্তৱত পৰিণত হোৱাত চৰাইদেউ বাসীয়ে একেমুখে প্ৰশংসা কৰিছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.