কবি সন্মিলন অনুষ্ঠিত

0 254

নামেৰি সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠান শোণিতপুৰ জিলাৰ বালিপৰাৰ নিকটৱৰ্তী গামানীত সফলতাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় এখনি বহুভাষিক কবি সন্মিলন। এই বহু ভাষিক কবি সন্মিলনত মুখ্য অতিথি হিচাপে উপষ্ঠিত থাকে কটন কলেজৰ অধ্যাপক বিশিষ্ট সাহিত্যিক ড৹ ধ্ৰুবজ্যোতি দাস। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চল্লিশ গৰাকী কবিয়ে অংশগ্রহণ কৰা কবি সন্মিলনৰ সঞ্চালনা কৰে বিশিষ্ট কবি গজেন মিলিয়ে। উক্ত সভাতেই গণেশ লুইতপৰীয়াল সম্পাদনাত “বৰলুইত” শীৰ্ষক স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। আনহাতে বৰলুইত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনিল ডেকাই। সন্ধিয়া জনগোষ্ঠীৰ কৃষ্টি আৰু নিশা গীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী বেবি কুইনে।

বাতৰি যুগুতালে জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.