ক’ভিড-১৯ সন্দৰ্ভত নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 208

সোণাৰিত দুগৰাকী লোক ক’ভিড -১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত চৰাইদেউ জিলাৰ সীমামূৰীয়া চুবুৰীয়া নগালেণ্ডৰ ৰাজ্যিক প্ৰশাসনে অধিক সতৰ্কতাৰ অৱলম্বনৰ পদক্ষেপ লয়।
 
 
সেই অনুসৰি নগালেণ্ডৰ মন জিলা প্ৰশাসনে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰি চৰাইদেউৰ অসম নগালেণ্ড সীমান্ত সম্পূৰ্ণ ৰূপে ছীল কৰি কালিৰে পৰা সেই পথেৰে যাতায়াতত প্ৰতিবন্ধকতা আৰোপ কৰিছিল। ক’ভিড-১৯ সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰি দিবৰ বাবে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি অনুৰোধ কৰে।
 
ৰাজ্য দুখন সংযোগী উক্ত পথচোৱাঁ চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকৰ যাতায়াতকে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। সেয়েহে দেশৰ এনে চৰম অৰ্থনৈতিক দুৰ্দশাৰ দিনত উক্ত ক্ষেত্ৰ সমূহত কোনো বাধাৰ সৃষ্টি নহ’বৰ বাবে মুখ্যমন্ত্ৰী দুজনৰ মাজত এই সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ই এই সংক্ৰান্তত মুখ্যমন্ত্ৰী সোণোৱালৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনায়। এই পাৰস্পৰিক বুজাবুজিয়ে ৰাজ্য দুখনৰ মাজৰ অৰ্থনৈতিক যোগাযোগ অক্ষুন্ন ৰখাত বিশেষভাৱে সহায় কৰিব।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.