মহানগৰীৰ কেবা ঠাইতো ঘোষণা কৰিলে কনটেইনমেণ্ট জ’ন

0 279

ক’ৰ’ণাই সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছিল লকডাউন। বৰ্তমান সময়ত চতুৰ্থ পৰ্যায়ৰ লকডাউন  চলি আছে। সম্প্ৰতি সমগ্ৰ ৰাজ্যতে দৈনিক অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।
 
 
ইয়াৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ তুলনাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এখন বিশেষ জাননী। মহানগৰীৰ দীনেশ ওজা পথটোৰ এটা ঘৰত এগৰাকী ক’ৰণাত আক্ৰান্ত ৰোগী ধৰা পৰাৰ পিছতেই উক্ত পথটোক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
 
 
জি এছ ৰোড ভঙাগড়ৰ নতুন কনটেইনমেণ্ট জ’নৰ সীমা হৈছে পূবে এইচ পি এপাৰ্টমেণ্ট, পশ্চিমে ৰেচিজেন্স ফৰ চিত্তৰঞ্জন শৰ্মা আৰু এ ফৰ ডাইল বিউটী পাৰ্লাৰ। উত্তৰে অসম ফ্ল’ৰ মিল্ক কেম্পাছ তথা দক্ষিণে আশীৰ্বাদ এপাৰ্টমেণ্ট। মন কৰিবলগীয়া ৰাজ্যজুৰি প্ৰতিদিনে বৃদ্ধি হোৱা ক’ৰণা ৰোগীসকলৰ অধিকাংশই গুৱাহাটী মহানগৰীৰ।

Leave A Reply

Your email address will not be published.