ক`ভিড ৰোগীৰ উপযোগী হোৱাকৈ ভেন্টিলেটৰ প্ৰস্তুত কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দলে

0 230

ক’ভিড মহামাৰীৰ শোচনীয় পৰিস্থিতিৰ মাজতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা দলে সাজি উলিয়াইছে বহনক্ষম ভেন্টিলেটৰ ।বিশ্ববিদ্যালয় খনৰ বিদ্যুৎ অভিযান্ত্ৰিক বিভাগৰ দ্বাৰা এই যন্ত্ৰ প্ৰস্তুত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। যি সকল ক’ভিড ৰোগীয়ে শ্বাস প্ৰশ্বাস চলাচল কৰাৰ ক্ৰিয়া বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় উচ্চ স্তৰৰ ভেন্টিলেটৰ বহন কৰিবৰ বাবে সক্ষম নহয়, সেই সকলৰ বাবে এই যন্ত্ৰটো উপযোগী হ`ব বুলি তেওঁলোকে দাবী কৰিছে।
এই ভেণ্টিলেটৰ নিৰ্মাণৰ প্ৰকল্পটোৰ লগত জড়িত হৈ আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১৯৮৮ চনত উত্তীৰ্ণ এটা ছাত্ৰৰ এটা দল। এই দলটোৰ লগত জড়িত হৈ আছে অধ্যাপক অপৰ্ণ কুমাৰ পদ্মপতি। এই ভেন্টিলেটৰটোৰ লগত জড়িত ছাত্ৰ সকল হ’ল বিহুং মুছাহাৰী, অনিকেট ৰাজ, মনিষ কুমাৰ আৰু অংকিতা দাস। প্ৰকল্পটো তত্বাৱধায়ক হিচাপে আছে চিৰঞ্জীৱ অধিকাৰী আৰু ফিৰদৌছা আহমেদ । উল্লেখযোগ্য যে এই দুয়োজন তত্বাৱধায়কে বিশ্ববিদ্যালয় খনৰ অতিথি অধ্যাপক। জানিব পৰা মতে এই যন্ত্ৰটো মোবাইল , টেবলেট আদিৰ দ্বাৰা পৰিচালনা কৰিব পৰা যাব। ইয়াৰ বজাৰ মূল্য ৮০০০ ৰ পৰা ১৫০০০ টকাৰ ভিতৰত হ`ব বুলি নিৰ্দ্ধাৰণ কৰা গৈছে।

Leave A Reply

Your email address will not be published.