ক`ভিড ৰোগৰ পৰিস্থিতি সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদ মেল

0 248

শিৱসাগৰ জিলাৰ কভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে হাতত লোৱা ব্যৱস্থা সমূহৰ লগতে আন আন যাৱতীয় প্ৰস্তুতিসমূহৰ বিষয়ে আজি এক সংবাদমেল যোগে অৱগত কৰে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।
তেওঁ জিলাখনত কভিডত আক্ৰান্ত ৰোগীৰ বাবে বৰ্তমান ৩১২ খন বিচনা বিভিন্ন চিকিৎসালয়ত সাজু কৰা হৈছে বুলি জানিব দিয়ে।ইয়াৰে শিৱসাগৰ অসামৰিক চিকিৎসায়ত ১৩০ খন, ডিমৌ চক্ৰত ১২ খন,আমগুৰি চক্ৰত ২২ খন,অ’ এন জি চি চিকিৎসালয়ত ৩০ খন, লিগিৰীপুখৰীত ২০ খন আৰু ডিমৌ পলিটেকনিক প্ৰতিষ্ঠানৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৮০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ৯৪ খন বিচনা বৰ্তমান কভিড আক্ৰান্ত ৰোগীৰ দ্বাৰা ভৰ্তি হৈ আছে। জিলাখনৰ কভিড-১৯ ৰোগত আক্ৰান্ত লোক সকলক অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা বিষয়টো জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰি বৰ্তমান বি টাইপ অক্সিজেন চিলিণ্ডাৰ ১৬০ আৰু ২২ টা অক্সিজেন কনচেণ্ট্ৰৰ মজুত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। সেইদৰে চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত ১৮ খন আৰু অ’ এন জি চি চিকিৎসালয়ত ৩০ খন বিচনা সাজু আছে বুলি সদৰী কৰি তেওঁ কয় যে, অক্সিজেন প্ৰদানৰ বাবে দৰকাৰী ৰেগুলেটৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত হস্পিটেলৰ লগতো যোগাযোগ কৰি মুঠ ৩০ খন বিচনা সাজু কৰা হৈছে।
এক মাৰ্চ তাৰিখৰ পৰা জিলাখনত মুঠ ১৪৩০ গৰাকী লোক কভিড ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৭৭ গৰাকী। ইয়াৰে ৫৭৩ গৰাকী হোম আইছলেচনত আছে। প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত জিলাখনৰ মুঠ ৮৪,০৭৯ গৰাকী লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। ইয়াৰে ৪৯,৭৮৮ গৰাকী সাধাৰণ নাগৰিকে প্ৰথম পালি লোৱাৰ বিপৰীতে ১১,৪৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে।আনহাতে জিলাখনত ইতিমধ্যে ৪৬,৫৩৫ গৰাকী লোকক ৰেপিড এন্টিজেন কভিড পৰীক্ষা কৰাৰ বিপৰীতে ৩৭৪৫ গৰাকী লোকক আৰ. টি. পি. চি. আৰ. কভিড পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে। ইতিমধ্যে ৩০২ টা কণ্টেইনমেণ্ট জ’ন স্থাপন কৰা জিলাখনত এতিয়াও ২০১ টা কণ্টেইনমেণ্ট জ’ন বাহাল আছে। এই কণ্টেইনমেণ্ট জ’ন সমূহৰ ১৯৬ টা পৰিয়ালক দৰকাৰী খাদ্য সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।কভিড-১৯ ৰোগত আক্ৰান্ত লোক সকলৰ অৱস্থা পৰ্যৱেক্ষণৰ বাবে আশাকৰ্মী/ এ.এন.এম./ জি.এন.এম. সকলক ৰোগীসকলৰ দৈনিক খবৰ লোৱাৰ এক ব্যৱস্থা কৰাৰ ওপৰিও তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে উপায়ুক্তকে ধৰি আন আন অতিৰিক্ত উপায়ুক্ত সকলে ফোন কৰি এই সকল ৰোগীৰ খবৰ লোৱাৰ এক ব্যৱস্থা কৰিছে।
আনহাতে আজিৰ সংবাদমেলতে জিলা উপায়ুক্ত গৰাকীয়ে আগন্তুক বাৰিষাৰ সময়ত হ’ব পৰা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা ব্যৱস্থা সন্দৰ্ভতো অৱগত কৰে। ইতিমধ্যে বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত মুঠ ৭৮ টা ৰিলিফ কেম্প নিৰ্মাণৰ স্থান বাচনি কৰা হৈছে বুলি তেওঁ সদৰি কৰে।এই কেম্প সমূহৰ বাবে ৭২ গৰাকী লোকক দায়িত্ব পালনৰ বাবে যাৱতীয় প্ৰশিক্ষণো সম্পূৰ্ণ কৰা হৈছে বুলি জানিব দি কভিড-১৯ ৰোগৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এই সকল লোকক প্ৰস্তুত কৰি তোলা হৈছে বুলি উল্লেখ কৰে। এই সকল লোকক স্কাউট এণ্ড গাইডৰ লগতে বিদ্যালয়ৰ ক্ৰীড়া শিক্ষক তথা আন আন বিভাগৰ পৰা বাচনি কৰা হৈছে। ৰিলিফ কেম্পসমূহ নিৰ্বাচন কৰোতে শিশু সকলৰ খেলাধূলাৰ ঠাই থকাকৈ নিৰ্বাচন কৰা হৈছে যাতে কেম্পত থকাৰ সময়ত তেওঁলোকৰ বিনোদনত কোনো যতি নপৰে।
আজিৰ স‌ংবাদমেলত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) চন্দনা বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰাও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.