চীনৰ য়ুহান চহৰৰ পৰা সৃষ্টি হোৱা ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বকে তচনচ কৰিছে। এতিয়ালৈকে বিশ্বৰ ৮০ খন দেশত ক’ৰণা ভাইৰাছত বিয়পাৰ লগতে ২ লাখৰো অধিক লোক ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে। শুনি আচৰিত হ’ব যে আজিৰ পৰা ৮ বছৰ আগতে মাৰ্কো আকোৰটে নামৰ এজন ব্যক্তিয়ে ক’ৰণা ভাইৰাছৰ ভৱিষ্যতবাণী কৰিছিল। সেই ভৱিষ্যতবাণী তেওঁ কোনো ব্যক্তিগতভাৱে কৰা নাছিল, সেই ভৱিষ্যতবাণী চচিয়েল মেডিয়াত কৰিছিল। জানিব পৰা মতে মাৰ্কোই ২০১৩ চনৰ ৩ জুন তাৰিখে টুইট কৰিছিল- ”কৰোণা ভাইৰাচ… আহি আছে!” যিটো টুইট প্ৰায় ১ লাখৰ অধিক লোকে লাইক কৰিছে আৰু বিভিন্ন জনে চেয়াৰ কৰিছে। কিন্তু আচৰিত কথা, সেই টুইটটোৱে সেই সময়ত বৰ বিশেষ এটা জনপ্ৰিয়তা লাভ নকৰিলেও বৰ্তমান সময়ত সেই টুইটো পঢ়ি সকলোৱে বিষ্ময় মানিছে। উল্লেখযোগ্য যে এই ব্যক্তিজনে ২০১৬ চনৰ পৰা টুইটাৰত কোনো ধৰণৰ প’ষ্ট কৰা নাই। মাৰ্কোৰ শেষ পোষ্টটো আছিল এটা স্মাইলী, ই যেন এটা স্পষ্ট ইংগিত প্ৰদৰ্শন কৰিছে! কিন্তু মাৰ্কোৰ এই বিশেষ টুইটোৱে এতিয়া সমগ্ৰ বিশ্বতে এতিয়া বেচ চৰ্চিত হৈ পৰিছে, কিয়নো ৮ বছৰ পূৰ্বেই কিদৰে মাৰ্কোই ভৱিষ্যতবাণী কৰিছিল সেইয়া আজিও ৰহস্য হৈ আছে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী