কলাক্ষেত্ৰত ২১০গৰাকীক নিযুক্তি পত্ৰ বিতৰণ

0 351

পশুপালন আৰু পশু চিকিৎসা, মীন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২১০গৰাকীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। এই নিযুক্তিৰ দ্বাৰা অসমৰ যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী চাকৰি দিয়াৰ আমাৰ প্ৰতিশ্ৰুতিত উপনীত হোৱাৰ দিশত আৰু এখোজ ওচৰ চাপিছে। যুৱক-যুৱতীৰ নিযুক্তিয়ে ৰাজ্যক গ্ৰাম্য অৰ্থনীতি আৰু ইয়াৰ সৈতে জড়িত লোকক স্বাৱলম্বী কৰাত সহায় কৰিব। পশুপালন আৰু পশু চিকিৎসা খণ্ডক গুৰুত্ব প্ৰদান কৰি আমাৰ চৰকাৰে এই খণ্ডৰ উন্নয়নৰ বাবে নতুন ৰূপত এক ব্লুপ্ৰিণ্ট সাজি উলিয়াইছে। পশুধনৰ কল্যাণৰ বাবে চিকিৎসা সুবিধা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পশু চিকিৎসকৰ নতুন পদ সৃষ্টি কৰা হ’ব।এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আজিৰ অনুষ্ঠানত কেবিনেট সতীৰ্থ অতুল বৰা, পৰিমল শুক্লবৈদ্য, বিমল বড়া,নন্দিতা গাৰ্লোছা,সঞ্জয় কিষাণ, যোগেন মহন, মাননীয় সাংসদ কুইন ওজা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.