কলেজীয়া ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

0 221

নাৰী অন্যান্য সাহসৰ প্ৰতীক।আজিৰ নাৰীয়ে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে।ইয়াৰ অন্যতম প্ৰমাণ দাঙি ধৰিছে কেইগৰাকীমান ছাত্ৰীয়ে।
ৰ্নিভয়া নামৰ এটা কেটাৰিং চাৰ্ভিছৰ জৰিয়তে ছাত্ৰী কেইগৰাকীয়ে তেজপুৰ আৰু লক্ষিমপুৰ পাশ্বৱৰ্তী অঞ্চলত সেৱা আগবঢ়াই আহিছে।বিয়া সবাহত এই বিশেষ ছাত্ৰীৰ দলটো উপস্থিত হৈ কেটাৰিঙৰ সেৱা আগবঢ়ায়।
জানিব পৰা মতে  বৰ্তমানলৈকে দলটোৱে প্ৰায় ৪০ খন মান বিয়াত সেৱা প্ৰদান কৰিছে।৩০গৰাকীৰো অধিক ছাত্ৰী কেটাৰিং চাৰ্ভিছৰ লগত জড়িত হৈ আছে আৰু প্ৰত্যেক গৰাকীয়েই বিভিন্ন কলেজত অধ্যয়ন কৰি আছে।
চিমৰণ শৰ্মাৰ নেতৃত্বত ২০১৮চনৰ ডিচেম্বৰ মাহত এই কেটাৰিং চাৰ্ভিছ গঢ লৈ উঠিছিল।প্ৰথম অৱস্থাত দলটো গঠন কৰিবলৈ অলপ অসুবিধাৰ সন্মুখীন হৈছিল যদিও প্ৰত্যেকৰ অভিভাৱকৰ সহযোগ সমৰ্থনত দলটো গঠন হৈ উঠে।কেটাৰিং চাৰ্ভিছৰ নাম নিৰ্ভয়া ৰখা হৈছে কাৰণ এই ৰ্নিভয়া কেটাৰিং চাৰ্ভিছৰ জৰিয়তে দিল্লী কাণ্ডৰ ৰ্নিভয়া সন্মান যঁচা হৈছে।এই মন্তব্য চিমৰণ শৰ্মাৰ।
কামৰ সৰু বৰ নাৰী নাই।বিশেষকৈ যি সকল নাৰীয়ে অশেষ কষ্ট স্বীকাৰ কৰি জীৱনৰ সেন্দুৰীয়া বাট বুলিছে, সেই সকল নাৰীক আজি এই বিশেষ দিনটোত বহু শুভকামনা জনালো।

Leave A Reply

Your email address will not be published.