গুৱাহাটী পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত সমিতিৰ নামঘৰ চৌহদত ১৪ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক গুৰুজয়ন্তী উৎসৱৰ আজি সামৰণি পৰে । ১৪ অক্টোবৰত দিনৰ ১০ বজাত সামূহিক চাফাই অভিযানৰে উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । তাৰ পাছত নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয় । ১৫ অক্টোবৰ দ্বিতীয় দিনা পুৱা উষা কীৰ্ত্তনৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই । তাৰ পাছত ভাগৱত লৈ ভ্ৰমণ নাম প্ৰসংগ , ভাগৱত পাঠ , প্ৰসাদ বিতৰণ , অন্ন গ্ৰহণ , সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা সমিতিৰ আইসকলে নাম পৰিবেশন কৰে । আনহাতে আজি তৃতীয় তথা শেষৰ দিনা উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । সমিতিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়া জগদীশ বৈশ্যই আঁত ধৰা আলোচনা চক্ৰত সভাপতিত্ব কৰে সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । আলোচনা চক্ৰত আলোচক হিচাপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী গ্রুপৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা ,অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া পুলিন ডেকা আৰু সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই ভাগ লয় । আনহাতে তিনিওজন আলোচকে ভাষণত অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া সমাজ , সাংস্কৃতিক জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি বুলি ব্যক্ত কৰে আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মহাপুৰুষজনাৰ অৱদানৰ কথা ইতিহাসত সদায় জিলিকি থাকিব বুলি কয় । আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শিল্পী ত্ৰিনামী গোস্বামীয়ে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন