গুৱাহাটী পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত সমিতিৰ নামঘৰ চৌহদত ১৪ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক গুৰুজয়ন্তী উৎসৱৰ আজি সামৰণি পৰে । ১৪ অক্টোবৰত দিনৰ ১০ বজাত সামূহিক চাফাই অভিযানৰে উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । তাৰ পাছত নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয় । ১৫ অক্টোবৰ দ্বিতীয় দিনা পুৱা উষা কীৰ্ত্তনৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই । তাৰ পাছত ভাগৱত লৈ ভ্ৰমণ নাম প্ৰসংগ , ভাগৱত পাঠ , প্ৰসাদ বিতৰণ , অন্ন গ্ৰহণ , সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা সমিতিৰ আইসকলে নাম পৰিবেশন কৰে । আনহাতে আজি তৃতীয় তথা শেষৰ দিনা উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । সমিতিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়া জগদীশ বৈশ্যই আঁত ধৰা আলোচনা চক্ৰত সভাপতিত্ব কৰে সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । আলোচনা চক্ৰত আলোচক হিচাপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী গ্রুপৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা ,অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া পুলিন ডেকা আৰু সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই ভাগ লয় । আনহাতে তিনিওজন আলোচকে ভাষণত অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া সমাজ , সাংস্কৃতিক জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি বুলি ব্যক্ত কৰে আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মহাপুৰুষজনাৰ অৱদানৰ কথা ইতিহাসত সদায় জিলিকি থাকিব বুলি কয় । আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শিল্পী ত্ৰিনামী গোস্বামীয়ে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী