পছন্দৰ ফ্লেট এটা ক্ৰয় কৰাৰ ক্ষেত্রত বেংক ঋণৰ উপৰি ৰেহাইৰ সুবিধা প্ৰদানেৰে আয়োজন কৰা হৈছে প্ৰপাৰ্টী এক্সপ’ তথা সম্পত্তি মেলা। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপ্সৰাত এই এক্সপ’ৰ আয়োজন কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই। এই এক্সপৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট, আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ’ব পাৰিব। সম্পত্তি মেলাত এৰিডাৰ সদস্যসকলৰ ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ বিস্তৃত প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। একেটা স্থানতে এইক্ষেত্রৰ বিভিন্ন সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ হ’ব। তদুপৰি মেলাত গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰী সকলে বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুবিধা লাভ কৰিব পাৰিব। সম্পত্তি মেলাৰ যোগেদি উপভোক্তাই ফ্লেট বুক কৰাৰ লগতে বিশেষ ‘এক্সপো ৰেহাই’ও লাভ কৰিব পাৰিব। গ্ৰাহকে বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিং কৰিব পাৰিব। এই এক্সপ’ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব। এক্সপ’তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তদুপৰি মেলাৰ যোগেদি ক্ৰেতা-বিক্ৰেতাই ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব। বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ’ব। সংবাদমেল যোগে এৰিডাৰ সভাপতি শৰ্মাই সকলোকে এক্সপ’লৈ আহি ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। সংবাদমেলত এৰিডাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।
Trending
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন