পছন্দৰ ফ্লেট এটা ক্ৰয় কৰাৰ ক্ষেত্রত বেংক ঋণৰ উপৰি ৰেহাইৰ সুবিধা প্ৰদানেৰে আয়োজন কৰা হৈছে প্ৰপাৰ্টী এক্সপ’ তথা সম্পত্তি মেলা। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপ্সৰাত এই এক্সপ’ৰ আয়োজন কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই। এই এক্সপৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট, আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ’ব পাৰিব। সম্পত্তি মেলাত এৰিডাৰ সদস্যসকলৰ ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ বিস্তৃত প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। একেটা স্থানতে এইক্ষেত্রৰ বিভিন্ন সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ হ’ব। তদুপৰি মেলাত গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰী সকলে বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুবিধা লাভ কৰিব পাৰিব। সম্পত্তি মেলাৰ যোগেদি উপভোক্তাই ফ্লেট বুক কৰাৰ লগতে বিশেষ ‘এক্সপো ৰেহাই’ও লাভ কৰিব পাৰিব। গ্ৰাহকে বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিং কৰিব পাৰিব। এই এক্সপ’ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব। এক্সপ’তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তদুপৰি মেলাৰ যোগেদি ক্ৰেতা-বিক্ৰেতাই ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব। বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ’ব। সংবাদমেল যোগে এৰিডাৰ সভাপতি শৰ্মাই সকলোকে এক্সপ’লৈ আহি ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। সংবাদমেলত এৰিডাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা