কাইলৈৰ ‌পৰা ৰাজ্যত বলবৎ হ’ব নতুন নিৰ্দেশনা

0 216

কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ’ব নতুন নিৰ্দেশনা। ১৫ দিনলৈ বন্ধ থাকিব সকলো কাৰ্যালয়। চৰকাৰী কাৰ্যালয় লগতে বেচৰকাৰী কাৰ্যালয় সমূহো বন্ধ থাকিব। চৰকাৰী অৰ্ধচৰকাৰী কাৰ্যালয়ৰ পদ অনুসৰি উপস্থিতি নিৰ্ভৰ হ’ব। যিসকলে উপস্থিত থাকে সেইসকলে কেৱল‌ ১ বজালৈ উপস্থিত থাকিব পাৰিব। কাইলৈৰ পৰা কঠোৰ ভাবে পালন‌ কৰিব লাগিব এই নিয়ম। এই নিয়ম সমূহ ক্ৰমে
১। চহৰ অঞ্চলত আৰু চহৰ / নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দুকান-পোহাৰ দিনৰ ১-০০ বজাত বন্ধ হব। এই অঞ্চল সমূহত দিনৰ ২-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।
২। গ্ৰাম্য অঞ্চলত দিনৰ ২-০০ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব। এই অঞ্চল সমূহত সন্ধ্যা ৬-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।
৩। ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১-০০ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব৷ ইয়াৰ পিছত হোটেলৰ আবাসী সকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব| আবেলি ১-০০ বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব|
৪। সকলো সাপ্তাহিক বজাৰ / হাট অহা ১৫ দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।
৫। সকলো শিক্ষা প্ৰতিষ্ঠানত শ্ৰেণীসমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।
৬। সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অহা ১৫ দিনৰ বাবে বন্ধ থাকিব৷ চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব। এই কাৰ্যালয়সমূহ কেৱল ১-০০ বজালৈকেহে খোলা থাকিব৷
৭। যদিহে কোনো অঞ্চলত কভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেনে অঞ্চল সমূহ জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব।
৮। বিবাহত কেৱল নিজৰ ঘৰ ভিতৰত ১০ জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব৷
৯। অন্ত্যোষ্টিক্ৰিয়াৰ বাবে কেৱল ১০ জনৰ উপস্থিতিৰ অনুমতি থাকিব৷
১০। সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল‌ পুৰোহিত বা মৌলবীয়ে নূন্যতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব।
১১। সকলো ৰাজহুৱা পৰিবহন ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব।
১২। অটো ৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সীত এজন চালক আৰু ২‌ জন যাত্ৰী যাব পাৰিব৷
১৩। দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ’ব।
১৪। চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫-০০ বজাৰ পৰা দিনৰ ২-০০ বজালৈ যুগ্ম-অযুগ্ম (ODD-Even) হিচাবত চলাব পাৰিব। এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা
বিভাগে নিৰ্দেশ জাৰি কৰিব। কেৱল জৰুৰী কালীন চিকিৎসাৰ বাবে
ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব।
১৫। আবেলি ২-০০ বজাৰ পৰা পূৱা ৫-০০ বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা-ফুৰা সম্পূৰ্ণ বন্ধ থাকিব৷ কেৱল ইতিপূৰ্বে জাৰি কৰা ৰেহাই সমূহ (Vide order No.ASDMA.28/2021/74 dated 4th may 2021) প্ৰযোজ্য হ’ব। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বা বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্ৰযোজ্য নহ’ব।
১৬। যিবিলাক বিষয় বা অঞ্চল এই নিৰ্দেশনাই সামৰি লোৱা নাই সেই সমূহত ইতিপূৰ্বে জাৰি কৰা অসৰ্ম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ
(Vide order No.ASDMA.28/2021/74 dated 4th may 2021) নিৰ্দেশনাসমূহ প্ৰযোজ্য হ’ব৷

Leave A Reply

Your email address will not be published.