কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ৷কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দেৱেশ্বৰী বন শিৱিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ভুপেন হাজৰিকাই ২০১০ চনৰ ১২ ডিচেম্বৰৰ নিশা সাহসিকতাৰে গঁড় চিকাৰীৰ লগত যুঁজি অস্ত্ৰসহ গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি কাজিৰঙালৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷যোৱা ৬ ডিচেম্বৰত গুৱাহাটীৰ পানীখেতিত থকা গৃহৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ভূপেন হাজৰিকাক ৰাষ্ট্ৰপতিৰ পদক আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা ভূপেন হাজৰিকাই হ’ল প্ৰথম গৰাকী গৃহৰক্ষী জোৱান৷১০ টা বছৰৰ পিচত এই সাহসিকতাৰ বাবেই গৃহৰক্ষী ভূপেন হাজৰিকাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মানপত্ৰ পদক প্ৰদান কৰে৷
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী