কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্রীয় আয়ুষ মন্ত্ৰালয়ৰ চিন্তন শিবিৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

0 155

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা চিন্তন শিবিৰ কালি কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। শিবিৰ উদ্বোধন কৰি দিয়া ভাষণত সোণোৱালে আয়ুষ খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি যুৱ গৱেষক আৰু বিজ্ঞানীসকলক বিজ্ঞানসন্মত গৱেষণা কৰিবলৈ আৰু আয়ুষ চিকিৎসা পদ্ধতিসমূহৰ গুণাগুণ সৰ্বসাধাৰণে বুজি পোৱাকৈ স্থানীয় ভাষাত প্ৰকাশ আৰু‌ প্ৰচাৰৰ বাবে আহ্বান জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহে বিশ্ব দৰবাৰত সমাদৰ লাভ কৰা বুলি উল্লেখ কৰি সোণোৱালে লগতে কয় যে এখন বিশ্ব,এটা পৰিয়াল আৰু উমৈহতীয়া ভৱিষ্যতৰ বাবে আয়ুষ পদ্ধতিসমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ। কালিৰ চিন্তন শিবিৰত কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী ড° মহেন্দ্ৰভাই মুঞ্জপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.