কাব্যপুথি হিয়াৰ গুঞ্জন উন্মোচন

0 164

পলাশবাৰীৰ ৰামপুৰ লক্ষীপুৰত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত লেখকৰ নিজ বাসগৃত “হিয়াৰ গুঞ্জন” নামৰ কাব্যপুথি খন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখক আভা ঠাকুৰীয়া কলিতা আৰু সংঙ্গীবৃন্দই এটি সমবেত সংগীত পৰিবেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভণী কৰে। ইয়াৰ পিছতে কাব্যপুথিখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা উপৰহালী কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগেশ কুমাৰ কলিতাই। উন্মোচন কৰি কলিতাই ড০ ভুপেন হাজৰিকাৰ প্ৰতিটো গীতেই ৰাইজে বুজি পায় বুলি কৈ লেখক আভা ঠাকুৰীয়া কলিতা লিখি প্ৰস্তুত কৰি উলিওৱা “হিয়াৰ গুঞ্জন”ৰ বিষয়ে কয়। লগতে জোনাকী যুগ, বাহী যুগ আদি সাহিত্যিক সকলৰ বিষয়ে বিভিন্ন কথা আলোকপাত কৰে। বুদ্ধদেৱে বেদ আৰু ধৰ্মক বিশ্বাস কৰিছিল বুলি কোৱাৰ লগতে জীৱনৰ আঠটা কৰ্মৰ বিষয়ে ভাষণত উল্লেখ কৰি লেখকৰ গ্ৰন্থখন ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে।
লেখক আভা ঠাকুৰীয়া কলিতাৰ কাব্যপুথিখনৰ বিষয়ে বিভিন্ন দিশ ভাষণ প্ৰসঙ্গত উল্লেখ কৰি তেওঁক প্ৰেৰণা যোগায়। অনুষ্ঠানত প্লাৱন কাকতি, অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক বনদ্বীপ গোস্বামীয়ে উপস্থিত থাকে। অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.