কামতা প্ৰডাকচনৰ ব্যতিক্ৰমী পদক্ষেপ

0 262

সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া লক ডাউন । লক ডাউনৰ সময়ত সকলোৱে বন্দী। ঘৰৰ ভিতৰতেই আৰু ঘৰৰ ভিতৰৰ পৰাই সকলোৱে মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নামি পৰিছে ।
 
 
 
লকডাউনৰ  মাজতেই কিন্তু পোন প্ৰথমবাৰৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে চ’চিয়েল মেডিয়াৰ জনপ্ৰিয় কামতা প্ৰডাকচন নামৰ এটা ফেচবুক পেজে । কামতা প্ৰডাকচন প্ৰশাসক মণ্ডলীৰ বিশেষ প্ৰচেষ্টাত পেজৰ মাধ্যমতেই কোচ ৰাজবংশীৰ পৰম্পৰা জাতীয় উৎসৱ বিষুৱা অনুষ্ঠান উদযাপন কৰা হৈছে ।
 
 
 
সামাজিক মাধ্যমৰ জৰিয়তে যথেষ্ট সুনাম কঢ়িয়াই অনা এই কামতা প্ৰডাকচনৰ ফেচবুক পেজ আৰু ইয়াৰ সদস্য সকলৰো এই ক্ষেত্ৰত বিশেষ অৱদান আছে । বিশেষকৈ নৱ প্ৰজন্মৰ যুৱক – যুৱতীৰ বাবে নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কামতা প্ৰডাকচনে বিশেষ ভূমিকা আগবঢ়াই আহিছে ।
 
 
 
 
যদিও এইবাৰ লক ডাউনৰ বাবে কোঁচ ৰাজবংশী জাতীয় পৰম্পৰা উৎসৱ বিষুৱা উদযাপন ধুম ধামেৰে ৰাজহুৱাকৈ কৰিব নোৱাৰিলেও কিন্তু ঘৰতে এইবাৰ পৰিয়ালৰ লগত সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি উদযাপন কৰে ।
 
ডিজিটেল মাধ্যমত সুবাদতেই কামতা প্ৰডাকচনৰ পেজে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । নিজৰ জাতীয় সাজপাৰ পিন্ধি নিজৰ মন পচন্দৰ ৰাজবংশী ভাষাৰ গীতত হেঁপাহ পলুৱাই নচাৰ  প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।
 
 
 
ইয়াৰ উপৰিও  ৰাজবংশী চলচ্চিত্ৰ জগতৰ শিল্পী , ৰাজবংশী ন-পুৰণি শিল্পী আৰু ভয়েছ কিডছ অৱ ইণ্ডিয়াৰো ভালেকেইজন শিল্পীয়ে এই কামতা প্ৰডাকচন পেজৰ মাধ্যমত প্ৰতিদিনেই লাইভ অনুষ্ঠান কৰি ৰাইজৰ প্ৰতিটো মন পছন্দৰ গীত গাই লক ডাউনত সকলোকে মনোৰঞ্জন আৰু নিজৰ জাতীয় সংস্কৃতিক এক ব্যতিক্ৰমী প্ৰচেষ্টাত পালন কৰাৰ ভূমিকা গ্ৰহণ কৰিছে ।
খবৰ যুগুতালে ধুবুৰীৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.