সোণাৰি আৰু মাহমৰাত আছুৰ আৰ্তজনলৈ সহায়ৰ হাত

0 310

লক ডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ থাকি সমস্যাৰ সন্মুখীন হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু মাহমৰা আঞ্চলিক ছাত্ৰ সন্থায়ো সোণাৰি আৰু মাহমৰাৰ বিভিন্ন প্ৰান্তত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই আহিছে।
 
 
 
আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই বৰাহী গাঁৱত সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ভলুকাগুৰি অঞ্চলৰ শতাধিক পৰিয়াললৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈৰ নেতৃত্বত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।
 
 
উল্লেখযোগ্য যে চৰাইদেউ মহকুমা ছাত্ৰ সন্থা আৰু চৰাইদেউ যুৱ সমাজে ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকলৈ সহায়ৰ হাত আগবঢ়ায় প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.