কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ,বাণিজ্য,ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা এলানি চৰকাৰী আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ,দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা,মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাৰ উপস্থিতিত এই বৈঠকখন অনুষ্ঠিত হয় । বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সঠিক সময়ত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । গুৱাহাটী মহানগৰ উন্নয়ন ,স্বাস্হ্য ,জিলা পৰিষদ ,লোকনিৰ্মাণ (পথ), শিক্ষা, সমগ্ৰ শিক্ষা,শ্ৰম,ভূমি সংৰক্ষণ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,জনস্বাস্থ্য কাৰিকৰী ,কৃষি, হস্ততাঁত আৰু বয়ন ,জিলা ক্ৰীড়া ইত্যাদি বিভাগৰ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত সংশ্লিষ্ট বিভাগসমূহে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ অগ্ৰগতি সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰেজেণ্টটেশ্যনৰ জৰিয়তে অবগত কৰায় । উক্ত অনুষ্ঠানৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত আৰ এ এম পি আঁচনিৰ অধীনত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সহযোগত আজিৰে পৰা অনুষ্ঠিত “জিলা উদ্যম সমাগম” শীৰ্ষক প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰে । উল্লেখ্য, এই প্ৰদৰ্শনীখন অহা ৩১ অক্টোবৰত সামৰণী পৰিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram