কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ,বাণিজ্য,ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা এলানি চৰকাৰী আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ,দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা,মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাৰ উপস্থিতিত এই বৈঠকখন অনুষ্ঠিত হয় । বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সঠিক সময়ত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । গুৱাহাটী মহানগৰ উন্নয়ন ,স্বাস্হ্য ,জিলা পৰিষদ ,লোকনিৰ্মাণ (পথ), শিক্ষা, সমগ্ৰ শিক্ষা,শ্ৰম,ভূমি সংৰক্ষণ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,জনস্বাস্থ্য কাৰিকৰী ,কৃষি, হস্ততাঁত আৰু বয়ন ,জিলা ক্ৰীড়া ইত্যাদি বিভাগৰ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত সংশ্লিষ্ট বিভাগসমূহে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ অগ্ৰগতি সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰেজেণ্টটেশ্যনৰ জৰিয়তে অবগত কৰায় । উক্ত অনুষ্ঠানৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত আৰ এ এম পি আঁচনিৰ অধীনত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সহযোগত আজিৰে পৰা অনুষ্ঠিত “জিলা উদ্যম সমাগম” শীৰ্ষক প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰে । উল্লেখ্য, এই প্ৰদৰ্শনীখন অহা ৩১ অক্টোবৰত সামৰণী পৰিব।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান