অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত, উদ্যানশস্যৰ বিষয়বস্তু বিশেষজ্ঞা,ড° দৰদী প্রিয়ম দুৱৰাৰ তত্ত্বাবধানত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ২০ জনীয়া দলক নাৰ্চাৰীৰ ওপৰত যোৱা ১৬ ৰপৰা ২১ ডিচেম্বৰলৈ পাঁচদিনীয়াকৈ প্রশিক্ষণ প্রদান কৰা হয়। এই প্রশিক্ষণৰ সময়ছোৱাত উদ্যানশস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° সুনিল কুমাৰ বৰা, ড° সমীৰণ পাঠক আদি কৰি কেইবাজনো বিজ্ঞানীয়ে প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণত নাৰ্চাৰীৰ আনুসঙ্গিক বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। পুলিবাৰী প্রস্তুতি, যতন, উদ্যানশস্যৰ পুলি তৈয়াৰ কৰা আধুনিক পদ্ধতি, জলসিঞ্চন পদ্ধতি, আচ্ছাদন আদিৰ ওপৰত হাতে কামে প্রশিক্ষণ আগবঢ়ায়। জালালউদ্দিন আহমেদে ধূপধৰাত থকা নাৰ্চাৰিত প্রশিক্ষাথীসকলক ফলমূলৰ মাতৃগছ, যোৰাকলম, কলিকলম আদি পৰিদৰ্শন কৰে।পথাৰ শস্য বিশেষজ্ঞ ৰিজু হেলিমে জৈৱিক কৃষি, জৈৱিক সাৰৰ ওপৰত আভাস দিয়ে। তাৰোপৰি প্রাকৃতিক কৃষি, চাফাই অভিযানৰ ওপৰতো সজাগতা আৰু “আজাদী কা অমৃত মহোৎসব” উৎযাপন কৰে। প্রশিক্ষণৰ শেষত মানপত্র বিতৰণ কৰা হয়৷ এই বিতৰণ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী, উদ্যান শস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° অশিল ডেকা, ড° প্রমোদ ডেকা উপস্থিত আছিল।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা