বিহু সুৰক্ষা সমিতি অসমৰ ঢকুৱাখনা জিলা সমিতিৰ মধ্যকালিন অধিৱেশন

0 269

অসমীয়া জাতিৰ স্বকীয়  লোক কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ স্বাৰ্থত নিৰন্তৰ আৰু প্ৰণালীবদ্ধ প্ৰয়াস চলাই যোৱা বিহু সুৰক্ষা সমিতি অসমৰ ঢকুৱাখনা জিলা সমিতিৰ  মধ্যকালীন  অধিবেশনখন  মঙ্গলবাৰে   ঢকুৱাখনা  সদৰ আঞ্চলিক সমিতিৰ  সহযোগত গোহাঁইবাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় । জাতিয় কৃষ্টি  বিহু নাম আৰু হুঁচৰিৰ বাঙ্ময় পৰিবেশনৰ মাজত   ঢকুৱাখনা  জিলা সমিতিৰ  সভাপতি যোগানন্দ গগৈৰ পতাকা উত্তোলনেৰে  আৰম্ভ হোৱা অধিবেশনৰ কাৰ্যসূচীৰ স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ভদ্ৰ গগৈয়ে । সদৰ ঢকুৱাখনা লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ সমবেত সংগীত আৰু হুঁচৰি নামেৰে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি যোগানন্দ গগৈয়ে ।  সভাত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা স্বৰ্ণলতা চমুৱা গগৈ পৰ্যৱেশক হিচাপে উপস্থিতি থাকি চৰাইদেউ জিলাৰ ভজোত অনুস্থিত হ’ব লগা  আগন্তুক কেন্দ্ৰীয় অধিৱেশনৰ সম্পৰ্কে  বিশ্লেষণাত্মক বক্তব্য ৰাখে। সভাত চাৰিখন আঞ্চলিক সমিতিৰ সভাপতি,
সম্পাদক,চাৰিখন লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ তত্বাৱধায়ক, অধ্যক্ষ সকলে সাংগঠনিক দিশত  গঠনমূলক বক্তব্য ৰাখে । সভাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জীৱন চমুৱা,নিৰঞ্জন গগৈ,লক্ষীমাই হাজৰিকা
হিৰণ্য গগৈ,গোপমণি গগৈ,পূৰবী গগৈ,ৰুবুল কোঁৱৰ,মনোজ কোঁচ,নিৰ্মল বৰুৱা,বুদ্ধিজ্যোতি দাস,ছায়াশ্ৰী চমুৱা, বনশ্ৰী চমুৱা,যুগান্ত চাংমাই আদিৰ লগতে জিলাৰ বিদ্যায়তনিক বিভাগ, ,মহিলা মঞ্চ, সাংস্কৃতিক সেৱা মঞ্চৰ বিষয়ববীয়া সকল উপস্থিত থাকে। জিলা সমিতিৰ সম্পাদক মুকুল চমুৱা আৰু সহকাৰী সম্পাদক শৈলেন কুমাৰ দত্তই আঁতধৰা অনুষ্ঠানটিত
লোকগীত পৰিৱেশন কৰে শিশু শিল্পী বিথিকা কোঁচ আৰু লোকগীত পৰিৱেশন কৰে শিশু শিল্পী বিথিকা কোঁচে। গাম্ভীৰ্যপূৰ্ণ অধিবেশনত সমিতিৰ সাংগঠনিক দিশৰ অগ্ৰগতি আৰু শাখা সমিতি গঠনৰ লগতে উৎপাদনিক  দিশত বহু  কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত কেন্দ্ৰীয় সমিতিৰ ভজো অধিবেশনৰ পাছতেই এখন শক্তিশালী ঢকুৱাখনা জিলা  সমিতিখন গঠন কৰাৰ  সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.