কামৰূপ জিলাত কৃষক সন্মান নিধি পৰিপূৰ্ণতা অভিযানৰ প্ৰস্তুতি

0 95

কৃষি প্ৰধান দেশ ভাৰতৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ চনত আৰম্ভ হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিৰ। বৰ্তমানে সমগ্ৰ ভাৰতৰ প্ৰায় ১১ কোটি কৃষকে এই আচঁনিৰ সুবিধা লাভ কৰিছে যদিও, বিভিন্ন কাৰণত অসমৰ বহু সংখ্যক হিতাধিকাৰী এতিয়াও বঞ্চিত হৈ আছে। বঞ্চিত কৃষকসকলৰ সমস্যাসমূহ দূৰ কৰিবলৈ অসম চৰকাৰে বিভিন্ন ব্যৱস্থা সময়ে সময়ে গ্ৰহণ কৰি আহিছে।

অসম চৰকাৰে এইবাৰ ১৪ সংখ্যক কিস্তিৰ ধন মুকলি হোৱাৰ আগতেই সকলো সমস্যা দূৰ কৰিবলৈ অহা ১২ জুনৰ পৰা ১৯ জুনলৈ প্ৰত্যেকখন জিলাতেই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পৰিপূৰ্ণতা অভিযান শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে প্ৰকৃত হিতাধিকাৰী চিনাক্ত কৰি তেওঁলোকৰ কিস্তি বেংকত জমা হোৱাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰা। ইয়াত কৃষি বিভাগৰ উপৰিও ইণ্ডিয়ান পোষ্টেল বেংক, বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক, সামূহিক সেৱা কেন্দ্ৰ, আধাৰ সেৱা কেন্দ্ৰ আদিয়ে অংশগ্ৰহণ কৰিব।

কামৰূপৰ জিলা কৃষি বিভাগেও পৰিপূৰ্ণতা অভিযানৰ লগত সংগতি ৰাখি ইয়াৰ অন্তৰ্গত ২২ টা কৃষি চক্ৰত অহা ১২ জুনৰ পৰা বিশেষ শিবিৰৰ আয়োজন কৰিছে। উক্ত শিবিৰসমূহত নিধিৰ ধন লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলৰ ই কে ৱাই চিৰ কাম, সঞ্চয় বেংক একাউণ্টৰ লগত আধাৰ সংযোজন তথা নতুন বেংক একাউণ্ট খোলাৰ কাম সম্পন্ন কৰা হ’ব। উল্লেখ্য যে এই প্ৰথম পৰ্যায়ৰ শিবিৰত আধাৰ প্ৰমাণিত হোৱা সকলেহে ই কে ৱাই চি কৰিব পাৰিব। যথাসম্ভৱ দ্বিতীয় পৰ্যায়ৰ শিবিৰত আধাৰ প্ৰমাণিত নোহোৱাসকলৰ সমস্যা সমাধা কৰাৰ চেষ্টা কৰা হ’ব। তদুপৰি মাটিৰ জমাবন্দীৰ তথ্য পৰ্টেলত নথকাসকলৰ পৰা জমাবন্দী সংগ্ৰহ কৰি সেই সমস্যাটোৰ সমাধান কৰা হ’ব। উক্ত শিবিৰলৈ হিতাধিকাৰীসকল আহোঁতে নিজৰ আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু যদি আগতে দাখিল কৰা নাই তেনেহ’লে জমাবন্দীৰ কপি লৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে।

কামৰূপ জিলাত অহা ১২, ১৩ আৰু ১৪ জুনত, সামূহিক হলঘৰ, সোণতলি বজাৰ, ১৪ আৰু ১৫ জুনত, মহকুমা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়, বকো, ১৫ আৰু ১৬ জুনত, কমলপুৰ ব্লক উন্নয়ন কাৰ্যালয়, কমলপুৰ, ১৬ আৰু ১৭ জুনত, ছয়গাঁও ব্লক উন্নয়ন কাৰ্যালয়, ছয়গাঁও, ১৬ আৰু ১৭ জুনত, পদুম কুঁৱৰী গাওঁ পঞ্চায়ত কাৰ্যালয়, ৰঙিয়া, ১৩, ১৪ আৰু ১৫ জুনত, গাওঁবুঢ়া ভৱন, হাজো, ১৫ আৰু ১৬ জুনত, মিৰ্জা কৃষি উন্নয়ন বিষয়া কাৰ্যালয়, মিৰ্জা, ১৪, ১৫ আৰু ১৬ জুনত, গৰৈমাৰী সামূহিক হলঘৰ, গৰৈমাৰীত এই শিবিৰ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.