কামৰূপ জিলাৰ কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই

0 198

কৃষি মন্ত্ৰী অতুল বৰাই আজি কামৰূপৰ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষি বিভাগৰ আয়ুক্ত ডাঃ ওম প্ৰকাশ, সঞ্চালক অনন্ত লাল জ্ঞানী, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উপস্থিতিত জিলাখনৰ চক্ৰ বিষয়াসকল আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি বিভাগৰ বিভিন্ন কাম-কাজ তথা আঁচনিৰ পৰ্যালোচনা কৰে।

বৈঠকত মূলতঃ জিলাখনত ৰূপায়ণ হৈ থকা ‘প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি’ আঁচনিখনৰ বৰ্তমানলৈকে ৰূপায়ণৰ স্থিতি তথা অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই কল্যাণকামী আঁচনিখনৰ সুবিধা লাভৰপৰা যাতে কোনো যোগ্য কৃষক বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যুদ্ধকালীন ক্ষিপ্ৰতাৰে সকলো কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে এইক্ষেত্ৰত সহায়ক হোৱাকৈ গাঁও পঞ্চায়তসমূহকো সহযোগী হিচাপে লৈ কাম কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে।

বৈঠকত কৃষকৰপৰা ধান ক্ৰয়ৰ স্থিতি, সাৰৰ উপলব্ধতা আৰু বিতৰণ তথা কৃষকক ৰাইচ মিল, পাম্প ছেট, কম্বাইন হাৰ্ভেষ্টৰ, পাৱাৰ টিলাৰ, ৰিপাৰ আদি কৃষি যন্ত্ৰ বিতৰণ ইত্যাদিৰো তেওঁ বুজ লয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.