কামৰূপ (ম)জিলাত স্বাধীনতা দিৱস উপলক্ষে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ শোভাযাত্ৰা – নীতি-নিৰ্দেশনা মানি বাহন চলোৱাৰ আহ্বান জিলা আয়ুক্তৰ

0 73

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga)কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগৰ সহযোগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ এক শোভাযাত্ৰা উলিওৱা হয়।খানাপাৰা পশু  চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানে ফ্লেগ অফ কৰি হৰ ঘৰ ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰে । শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি যানবাহনৰ নীতি-নিয়ম আৰু ট্ৰেফিক চিগনেল অনুসৰণৰে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে আগুৱাই যাবলৈ জিলা আয়ুক্ত সাত্তাৱানে আহ্বান জনায় । উল্লেখযোগ্য যে এই শোভাযাত্ৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হৈ জি.এছ.ৰোড-দীঘলী পুখুৰী-মালিগাওঁ হৈ আই.এছ.বি.টি ত অন্ত পৰে । অনুষ্ঠানৰ অন্তত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগৰ দ্বাৰা পুস্তিকা বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা,কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্তদ্বয় কেচিঅ’ কৰণ পেগু আৰু ভাস্কৰ পেগু, কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিংমাশু দাস,পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসসহ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.