যাত্ৰা জগতৰ অন্যতম যাত্ৰদল নাট্যদল যুগান্তৰে বিগত দহটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰি ৰাইজৰ আশীষ তথা সাদৰ মৰমৰ ফলস্বৰূপে এইবেলি ২০২৪-২৫ নাট্যবৰ্ষৰ ব্যয়বহুল প্ৰযোজনাৰে একাদশ বৰ্ষৰ বলিষ্ঠ পদক্ষেপ হিচাপে সামাজিক আৰু ধৰ্মমূলক দুখনকৈ নাট লৈ আজি নাট্যদল যুগান্তৰৰ শুভ-নাট্যাৰম্ভ কৰা হয়। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জটীয়া (জজি)ত প্ৰাণ পাই উঠা অসমৰ আগশাৰীৰ যাত্ৰাদল নাট্যদল যুগান্তৰত এইবেলি জয়ন্ত ঠাকুৰীয়াৰ ৰচনা আৰু পৰিচালনাৰে সমাজৰ প্ৰতিজন ব্যক্তিয়ে উপভোগ কৰিব পৰাকৈ বিভিন্ন কাৰিকৰী কৌশল তথা শৃংখলাবদ্ধভাৱে ৰাইজৰ মাজলৈ ‘মাজ নিশাৰ চিঞৰ’ আৰু একেগৰাকী নাট্যকাৰৰে অভিযোজনাৰে ধৰ্মমূলক নাট ‘মায়াশক্তি’ দৰ্শকে উপভোগ কৰিব পাৰিব। যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত নাট উন্মোচনী সভাত নাট উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তৰুণ কলিতাই ‘মায়াশক্তি’ আৰু জ্যেষ্ঠ সাংবাদিক, নাট্যকাৰ তথা বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাসে ‘ মাজ নিশাৰ চিঞৰ’ শীৰ্ষক নাট উন্মোচন কৰে। লগতে আখৰা গৃহ মুকলি কৰে সাংস্কৃতিককৰ্মী নিলমণি তালুকদাৰে আৰু নাৰিকল ভাঙে শুভকাংক্ষী সূৰ্য্যকান্ত দাসে। উক্ত নাট শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে শুভকাংশী কুশল বৰুৱা, ডিম্বে মেধী, ৰঘুৰাম দাস সহিতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। দুয়োখন নাটেই ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্যদলটোৰ প্ৰযোজক মনোজ দাস, ব্যৱস্থাপক বিমল মজুমদাৰ, সম্পাদক জয়ন্ত দাস আৰু পৰিকল্পক দিবাকৰ দাসে। নাট্যদলটোৰ সংগীতৰ দায়িত্বত থাকিব সংগীত শিল্পী মনোজ দাস সহ নাট্যদল যুগান্তৰৰ পৰিয়ালবৰ্গই।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures