কামৰূপ মহানগৰত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক শুভ বিতৰণ

0 130

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠানৰ শুভ উদ্ধোধন কৰা হয়৷কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই৷ আজি চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ মুঠ ২২ গৰাকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়৷

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-MMJAY) অধীনত এই কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব।এই চিকিৎসা সেৱা প্ৰতিখন চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ পঞ্জীভুক্ত চিকিৎসালয়ত উপলব্ধ হ’ব।

আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰি বিধায়ক গৰাকীয়ে জনায় যে, আয়ুষ্মান কাৰ্ড পৰ্যায়ক্ৰমে জিলাখনৰ সকলো খণ্ডৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ’ব।কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিয়ে আয়োজন কৰা অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসৰ লগতে কামৰূপ মহানগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.