কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ-জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা কাৰ্যসূচী

0 163

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ‘ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩’ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণ দিয়ে। পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাইয়ে ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্যসমূহ যেনে- কেৱল মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা, মিলেটৰ পৰিপুষ্টি সম্পৰ্কে সজাগতা, মিছন লাইফৰ জৰিয়তে পৰিপুষ্টিৰ উন্নীতকৰণ, মেৰী মাটি মেৰা দেশৰ ৰূপায়ন, ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰ আয়োজন ইত্যাদিৰ বৰ্ণনা কৰাৰ লগতে এই কাৰ্যসূচীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়ন কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে৷ উল্লেখ্য যে, পোষণ মাহৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি হ’লেও মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতাকে ধৰি কেবাটাও কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত অব্যাহত আছে৷ আজিৰ অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ- সঞ্চালক দেৱজিৎ বৰা, জিলা পৰিষদ, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ আদিৰ জিলা পৰ্য্যায়ৰ উচ্চ পদস্থ বিষয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্তৰৰ বিষয়া- কৰ্মচাৰী উপস্থিত থাকে৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী‌‌য়ে সকলো বিভাগকে পোষণ মাহৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত কেবাগৰাকী অংগনবাড়ী কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজৰে পুষ্টিকৰ খাদ্যসম্ভাৰ উপস্থাপন কৰে৷

Leave A Reply

Your email address will not be published.