কামৰূপ মহানগৰ জিলাত ‘বিকাশ যাত্ৰা-কেবাখনো বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ

0 100

ৰাজ্যত অব্যাহত থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি পি এম ডিভাইন আঁচনিৰ অধীনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই কামৰূপ মহানগৰ জিলাৰ কেবাখনো বিদ্যালয়ৰ নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকি তেওঁ নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰপৰাই আন কেইবাখনো বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে মন্ত্ৰী বৰাই। এই ভৱনসমূহে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকল তথা শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ লগতে মানৱ সম্পদ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী বৰাই কয়, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দূৰদৰ্শী নেতৃত্ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতাত ৰাজ্যখনৰ শিক্ষা খণ্ডই এক নতুন গতি লাভ কৰিছে৷ভৱনসমূহৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাই মন্ত্ৰী বৰাই৷ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা উপস্থিত থাকে৷ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছত্তাৱান উপস্থিত থাকে৷ অনুষ্ঠানকেইটাত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, শিক্ষা বিভাগৰ বিষয়াসকলৰ লগতে বিদ্যালয়কেইখনৰ অধ্যক্ষসকল, বিদ্যালয় পৰিচালনা সমিতিসমূহৰ সভাপতি সমন্বিতে অন্যান্য সদস্যসকল, শিক্ষক- শিক্ষয়িত্ৰী আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
আনপিনে মন্ত্ৰী অতুল বৰাই গুৱাহাটীৰ আমচং চাহ বাগিচাৰ দুৰ্গা মণ্ডপৰ চৌহদত জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰো আধাৰশিলা স্থাপন কৰে। কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছত্তাৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.