গুৱাহাটী পৌৰ নিগমৰ অধীনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

0 91

গুৱাহাটীক এখন আধুনিক মহানগৰ হিচাপে গঢ়ি তোলাৰ দিশত থকা ৰাজ্য চৰকাৰৰ অভিযানক আৰু এখোজ আগুৱাই নি আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে গুৱাহাটী পৌৰ নিগমৰ অধীনত ৰূপায়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মাছখোৱাৰ আইটিএ প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আজি আদাবাৰীত ৫ টিপিডি ক্ষমতাৰ এটা জাৱৰ স্থানান্তৰ কেন্দ্ৰ, ৯ টা সভাঘৰ, ৬ খন সমাধিস্থল আৰু ১৭ টা ৰাজহুৱা শৌচাগাৰৰ শুভ উদ্বোধন কৰে। আনহাতে তেওঁ ছয়মাইলৰ পূৰবী দুগ্ধ প্রকল্পৰ কাষত নতুনকৈ নির্মাণ কৰিবলৈ লোৱা জাৱৰ স্থানান্তৰ ষ্টেচন আৰু ৪৫ টা বাছ আস্থানৰ আধাৰশিলাও স্থাপন কৰে।

উল্লেখযোগ্য যে স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ অধীনত গুৱাহাটী পৌৰ নিগমে পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰে প্ৰতিটো ৱাৰ্ডত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰি আছে। ইয়াৰ দ্বিতীয় পৰ্যায়ত আজি মুঠ ৩.৩৭ কোটি টকা পুঁজিৰে ১৭ টা ৰাজহুৱা শৌচাগাৰ উদ্বোধন কৰা হৈছে। আহাতে গুৱাহাটী মহানগৰীত পৰ্যাপ্ত শ্মশান বা সমাধিস্থলৰ অভাৱৰ দূৰ কৰিবলৈ পৌৰ নিগমে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত সমগ্ৰ চহৰ অঞ্চলৰ ২৯ টা স্থানৰ বাবে নিবিদা আহ্বান কৰিছিল। এই সকলো স্থানতে সন্তোষজনকভাৱে নিৰ্মাণকাৰ্য চলি আছে। আঁচনিৰ দ্বিতীয় পৰ্যায়ত আজি ১.১৯ কোটি টকা ব্যয়েৰে ইয়াৰে ৬ খন শ্মশান বা সমাধিস্থলী আজি উদ্বোধন কৰা হৈছে।

মহানগৰীৰ বিভিন্ন এলেকাত ৰাজহুৱা স্থানৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটী পৌৰ নিগমে পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰে সমগ্ৰ চহৰখনৰ ৬১ টা স্থানত কমিউনিটি হল নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে। ইয়াৰে দ্বিতীয় পৰ্যায়ত আজি ১.৭৮ কোটি টকা ব্যয়েৰে ৯ টা ৰাহজুৱা প্ৰেক্ষাগৃহ উদ্বোধন কৰা হৈছে। ৫ টিপিডি জাৱৰ স্থানান্তৰৰ সুবিধাৰে আদাবাৰীত উদ্বোধন কৰা স্বচ্ছ কেন্দ্ৰটো হৈছে মিশ্ৰিত আৱৰ্জনাসমূহৰ পৰা প্লাষ্টিককে ধৰি শুকান আৱৰ্জনা সংগ্ৰহ, পৃথকীকৰণ আৰু উদ্ধাৰ আৰু শুকান আৱৰ্জনা অৰ্থাৎ ধাতু, কাৰ্ডবৰ্ড, কাঁচ, কাগজৰ টায়াৰ আদি পুনঃব্যৱহাৰকাৰীলৈ সামগ্ৰী পুনঃব্যৱহাৰৰ বাবে প্ৰেৰণৰ বাবে সামগ্ৰী উদ্ধাৰৰ সুবিধাযুক্ত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প। কৰ্পোৰেট সামাজিক দায়বদ্ধতা পদক্ষেপ আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ অংশ হিচাপে এইচ ডি এফ চি বেংকৰ সহায়ত এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। আনহাতে ছয়মাইলৰ পূৰবী ডায়েৰীৰ কাষত নিৰ্মাণ কৰিব খোজা আন এক জাৱৰ স্থানান্তৰ ষ্টেচনত সামগ্ৰী উদ্ধাৰৰ সুবিধা থাকিব লাগিব, য’ত পুনঃব্যৱহাৰযোগ্য সামগ্ৰীসমূহ ভাগ কৰি অধিক প্ৰক্ৰিয়াকৰণৰ বাবে বা পুনঃব্যৱহাৰযোগ্য বজাৰলৈ প্ৰেৰণ কৰা হ’ব। প্ৰায় ৭.৬৮ কোটি টকা আনুমানিকৰ খৰচত নিৰ্মাণ হব লগা এই প্ৰকল্পই পৌৰ নিগমৰ আৱৰ্জনা ব্যৱস্থাপনা ক্ষমতা বৃদ্ধি কৰিব।

এক ন্যায্য, নিৰাপদ, কাৰ্যক্ষম আৰু সৰ্বাংগীন বাছ পৰিবহণ ব্যৱস্থা গঢ়ি তুলিবলৈ অত্যাৱশ্যকীয় সা-সুবিধাসমূহৰ সৈতে পৰ্যাপ্ত বাছ আস্থানৰ ব্যৱস্থা গঢ়ি তোলাতো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ প্ৰধান পথসমূহৰ কাষত ৪৫ টা নতুন বাছ আস্থান নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই আস্থানসমূহত যাত্ৰীৰ জিৰণি আসন, চিচিটিভি, চাৰ্জিং পইণ্ট, পৃথক ডাষ্টবিন আদিৰ ব্যৱস্থা কৰা হ’ব। মুঠ ৩.১৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰা হব।

এই প্ৰকল্পসমূহৰ নিৰ্মাণে দক্ষিণ-পূহ এছিয়াৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীৰ নাগৰিকসকলৰ জীৱনৰ-ধাৰণৰ মানৰ লগতে চহৰখনৰ সামগ্ৰিক, বহনক্ষম বিকাশত অৰিহণা যোগাব বুলি মন্ত্ৰী সিংহলে আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা গুৱাহাটী পৌৰ নিগমৰ জ্যেষ্ঠ বিষয়াসকল আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.