কামৰূপ মহানগৰ জিলাত সমাগত শাৰদীয় দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয়৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়া, দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ বিষয়ববীয়া বৈঠকত উপস্থিত থাকে৷ বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহে পূজাৰ দিনকেইটাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া কিছু নিৰ্দেশনা অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই অৱগত কৰে৷ ইয়াৰোপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্দ্ধাৰণ কৰা নিৰ্দেশনাৰ বিষয়েও পূজা উদযাপন সমিতিসমূহক অৱগত কৰোৱা হয়৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ, প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশেষ যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলাবলৈ, প্ৰতিমা বিসৰ্জন স্থান ভালকৈ বেৰা দি লোৱাকে ধৰি কেবাটাও নিৰ্দেশ দিছে৷ পৰিষদৰ নিৰ্দেশসমূহ পালনত সৰ্বাধিক গুৰুত্ব দিবলৈ প্ৰশাসনে সমিতিসমূহক আহ্বান জনায়৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই সঠিকভাৱে জাবৰ ব্যৱস্থাপনা কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, পূজা মণ্ডপৰ বাবে অগ্নি নিৰ্বাপন আৰু এ পি ডি চি এলৰ সুৰক্ষা প্ৰমাণপত্ৰ সঠিকভাৱে সংগ্ৰহ কৰা, বিসৰ্জনৰ সময়ত গাড়ী আৰু মানুহৰ সংখ্যা যথাসম্ভৱ কম কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা বা ভুল বুজাবুজি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ, পূজা উদযাপনৰ নামত ৰাইজে স্বইচ্ছাই দিয়া বৰঙণিৰ বাহিৰে আন উপায়েৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ, পূজা মণ্ডপৰ বাবে যাতে যানজঁট সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ, অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী সহজে যাব পৰা পথ ৰাখিহে মণ্ডপ সাজিবলৈ, আলোকজ্জাৰ সামগ্ৰী আৰু সংযোগসমূহ উপযুক্ত কাৰিকৰী জ্ঞান থকা লোকৰ দ্বাৰা পৰীক্ষা কৰি ল’বলৈ, বিসৰ্জনৰ সময়ত ৰাগিয়াল সামগ্ৰী সেৱনৰ পৰা সকলোকে বিৰত ৰাখিবলৈ পূজা উদযাপন সমিতিসমূহৰ প্ৰতি আহ্বান জনায়৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি নিশা ১০ বজাৰ পিছত উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিলে আৰক্ষী যথেষ্ট কঠোৰ হ’ব আৰু এই সন্দৰ্ভত অভিযোগ পালে আইনী ব্যৱস্থা লোৱাৰ লগতে শব্দযন্ত্ৰসমূহ জব্দ কৰাৰ দৰে পদক্ষেপো লোৱা হ’ব৷ আনন্দ ফুৰ্তিৰ মাজেৰে দূৰ্গোৎসৱ উদযাপনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দি আৰক্ষী আয়ুক্তগৰাকীয়ে শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পূজা উদযাপনত ৰাইজৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে৷ সভাত পূজা সমিতিৰ একাংশ বিষয়াববীয়াই তেওঁলোকৰ সমস্যা, পৰামৰ্শ আদি সদৰি কৰে আৰু প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত পদক্ষেপ লোৱাৰ নিশ্চয়তা দিয়া হয়৷
Trending
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক