কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ

0 12

অসমত মহিলা সবলীকৰণৰ দিশত এক নতুন দিগন্ত সূচনাৰে সমগ্ৰ ৰাজ্যজুৰি আজি অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
কৰা হয় । দিশপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী সংযোজনৰ বাবে অৰুণোদয় ৩.০ ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতো জিলাখনৰ পাঁচটা স্থানত এই কাৰ্যসূচীৰ সফলভাৱে আয়োজন কৰা হয় । সেই অনুসৰি, আজাৰা ৰাজহ চক্ৰৰ সমীপত অৱস্থিত আজাৰা সভাগৃহ, পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহ, গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, ফটাশিল আমবাৰীৰ দুৰ্গা মন্দিৰ প্ৰাংগণ আৰু ডিমৰীয়া কলেজ,সোণাপুৰত উক্ত শুভাৰম্ভণী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিধৱা, ৪৫ বছৰ উৰ্ধৰ অবিবাহিতা, বিবাহ বিচ্ছেদিত তথা অকলশৰীয়া মহিলা , তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ ব্যক্তি (দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন ,২০১৬ অনুসৰি), চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা/ৰুগীয়া মহিলা সকলক সামৰি লোৱা হৈছে। তদুপৰি পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী ৬০ বছৰৰ উৰ্ধৰ অথবা দিব্যাংগ হ’লে , তেনে ঘৰৰ মহিলা আৰু এইচ আই ভি/ থেলাচেমিয়া/হিম’ফিলিয়া/ চেৰিব্ৰেল পালচি/ কুষ্ঠ / অটিজম স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা , আশ্ৰয়হীন মহিলা, ভিক্ষাৰে জীৱননিৰ্বাহ কৰা মহিলা, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীৰ লগতে মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখতকৈ কম হোৱা পৰিয়ালৰ মহিলা সকলক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা শুভাৰম্ভ অনুষ্ঠানত ক্ৰমে ডিমৰীয়া মহাবিদ্যালয়ত গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি,অতিৰিক্ত জিলা উপায়ুক্ত বিশ্বজিৎ শইকীয়া, আজাৰা সভাগৃহত সাংসদ কামাখ্যা প্ৰসাদ তাছা, অতিৰিক্ত জিলা আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, সমাজ সেৱক ৰঞ্জিত ভট্টাচাৰ্য, শ্ৰীমন্ত শংকৰদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অতিৰিক্ত জিলা আয়ুক্ত মনজিৎ বৰকাকতি ,ফটাশিল আমবাৰীৰ দুৰ্গা মন্দিৰ সভাত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য , অতিৰিক্ত জিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজকে আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী তথা মহিলা হিতাধিকাৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.