কামৰূপ মহানগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱন তথা অসম উদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগমৰ পূন:নিৰ্মিত ভৱন উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

0 198

মন্ত্রী বিমল বড়াই আজি বামুণীমৈদামৰ উদ্যোগ পামত থকা
কামৰূপ মহানগৰ জিলা উদ্যোগ আৰু বাণিজ্যকেন্দ্ৰৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ লগতে ইয়াৰ নাতিদূৰত থকা অসম উদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগম(এআইআই ডিচি)ৰ পূন:নিৰ্মিত কাৰ্যালয় ভৱন মাংগলিক অনুষ্ঠানৰ মাজেৰে উদ্বোধন কৰে।এই অনুষ্ঠানতে মন্ত্রী বড়াই এ আই আই ডি চিৰ প্ৰতীক চিহ্ন এটিও উন্মোচন কৰে।

উদ্বোধনী ভাষণত মন্ত্রী বড়াই ৰাজ্য খনলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্রত এনে আন্ত:গাঁথনিৰ প্ৰয়োজন আছে বুলি ব্যক্ত কৰে। ভাষণ প্ৰসংগত মন্ত্রী বড়াই কাষ্টমাইজ উদ্যোগিক নীতিৰ ফল স্বৰূপে সম্প্ৰতি অসমত ৮ হেজাৰ কোটি টকাৰ বিনিয়োগ হৈছে বুলি কয়।অসমতে আমাৰ দক্ষতা সম্পন্ন লোকক নিযুক্তি দিব পাৰিলে ব্ৰেইন ড্ৰেইন হ্ৰাস পাব বুলিও কয়।উদ্যোগ বিভাগত নৱ নিযুক্ত কৰ্মচাৰী সকলক দুদিন উৎসাহেৰে কাম কৰাৰ বাবেও মন্ত্রী গৰাকীয়ে আহ্বান জনায়।

এ আই আই ডিচিৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ আৰু পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে অতুল বৰা আৰু সিদ্ধাৰ্থ ভট্টাচার্য, এআই আই ডিচিৰ অধ্যক্ষ শান্তনু ঠাকুৰ, উদ্যোগ বিভাগৰ সচিব ড০ লক্ষ্মণন এছেও ভাষণ প্ৰদান কৰে। এই সভাতে এআইআইডিচিৰ প্ৰতীক চিহ্ন অংকন কৰা শিল্পী বিষ্ণু শৰ্মাকো মন্ত্রী বড়াই সম্বৰ্দ্ধনা জনায়।

Leave A Reply

Your email address will not be published.