যানবাহনৰ গৰাকীৰ দৈনন্দিন জীৱনৰ বিভিন্ন এৰাব নোৱৰা ব্যস্ততা অথবা ঘৰতে বহিও কাৰিকৰী অজ্ঞতা-অসুবিধাত বাহনৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ লাভ কৰিব নোৱৰাসকলক ঘৰৰ পদূলিতে গৈ সেৱা আগবঢ়াইছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত ৰাজধানী চহৰখনত এই কাৰ্যসূচী তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে শুকুৰবাৰে ৰাতিপুৱাতে হহঁৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত গৈ উপস্থিত হয় বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দল। অঞ্চলবাসী ৰাইজৰ যানবাহনৰ নথিপত্ৰ আৰু কৰ পৰিশোধ বিষয়ক ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ লগতে সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত বাহনৰ নথিপত্ৰসমূহ ততালিকে উন্নীতকৰন কৰি ৰাইজলৈ সেৱা আগবঢ়ায়। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ অসমক দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাত যাতে সকলো লোকেই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মহানগৰ জিলাখনৰ সকলো অঞ্চল সামৰি জ্যেষ্ঠ পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হয়। বিভিন্ন শ্ৰেণীৰ বাহনৰ দুশৰো অধিক লোকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত বাহনৰ নথিপত্ৰৰ আসোঁৱাহ দূৰ কৰাকে ধৰি চালকৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান, কৰ পৰিশোধ, গৰাকীৰ ঠিকনা পৰিবৰ্তন, ই চালান নিষ্পত্তি, মালিকানা হস্তান্তৰ আদি বিভিন্ন কামৰ আবেদন আৰু নিষ্পত্তি কৰা হয় ৷ ইফালে বাহনৰ নথিপত্ৰসমূহ সকলো সময়ত সঠিক হৈ নাথাকিলে কোনো দুৰ্ঘটনাত পতিত হৈ তৃতীয় পক্ষক কিবা ক্ষতিপূৰণ দিবলগীয়া হ’লেও চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা যে কোনো ধৰনৰ ক্ষতিপূৰণ নাপাবও পাৰে সেই সন্দৰ্ভতো বাহনৰ চালক যাত্ৰী আৰু গৰাকীৰ মাজত সজাগতা সৃষ্টি কৰি সুৰক্ষিত যাতায়াতৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ