মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে । কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে জানিবলৈ দিয়া মতে এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত আৰু ক’ভিড যোদ্ধাৰ প্ৰকৃত সেনানী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিশেষকৈ , ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ।সেয়েহে অহা ১১ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে জিলা পৰিবহন বিষয়াৰ কার্যালয়ে হাতত লৈছে এই ইতিবাচক পদক্ষেপ। অহা ১১ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব । ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ । পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা ।অহা ১১ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ইফালে,চিকিৎসক সমাজৰ বাবে পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক আদৰনি জনাইছে চিকিৎসক সমাজে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি