মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে । কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে জানিবলৈ দিয়া মতে এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত আৰু ক’ভিড যোদ্ধাৰ প্ৰকৃত সেনানী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিশেষকৈ , ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ।সেয়েহে অহা ১১ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে জিলা পৰিবহন বিষয়াৰ কার্যালয়ে হাতত লৈছে এই ইতিবাচক পদক্ষেপ। অহা ১১ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব । ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ । পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা ।অহা ১১ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ইফালে,চিকিৎসক সমাজৰ বাবে পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক আদৰনি জনাইছে চিকিৎসক সমাজে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ