কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ পুনৰ নিৰ্ধাৰিত ৫ বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰৰ খচৰা তালিকা প্ৰকাশ-ভোটাৰে ৩ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব অভিযোগ বা পৰামৰ্শ

0 110

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত পুনৰ নিৰ্ধাৰিত ৩৩- দিছপুৰ, ৩৪- ডিমৰীয়া (অনুসূচীত জাতি), ৩৫- নিউ গুৱাহাটী, ৩৬- গুৱাহাটী চেন্ট্ৰেল আৰু ৩৭ – জালুকবাৰী বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ সমূহৰ খচৰা তালিকা প্ৰস্তুত কৰা হৈছে৷ জিলা নিৰ্বাচন বিষয়াই সদৰি কৰা মতে জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ২৫নং ধাৰা মতে ভোটকেন্দ্ৰৰ খচৰা তালিকাখন প্ৰস্তুত কৰা হৈছে৷ ভোটকেন্দ্ৰৰ খচৰা তালিকাখন ভোটাৰৰ নিৰীক্ষণৰ বাবে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত কাৰ্যালয় খোলা থকাৰ সময়ত উপলব্ধ হ’ব৷ ইয়াৰোপৰি ৩৩- দিছপুৰ সমষ্টিৰ বাবে দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত, ৩৪- ডিমৰীয়া (অনুসূচীত জাতি) সমষ্টিৰ বাবে সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত, ৩৫- নিউ গুৱাহাটী সমষ্টিৰ বাবে হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত, ৩৬- গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু ৩৭ জালুকবাৰী সমষ্টিৰ বাবে আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তালিকাখন নিৰীক্ষণৰ বাবে উপলব্ধ হ’ব৷ এই সন্দৰ্ভত ভোটাৰ ৰাইজৰ কোনো অভিযোগ বা পৰামৰ্শ থাকিলে অহা ৩ নৱেম্বৰ বা তাৰ পূৰ্বে লিখিতভাৱে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব৷

Leave A Reply

Your email address will not be published.