যুৱ নাট্য সমাৰোহ আয়োজন

0 132

অসমৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ নিজস্ব ভাষা সংস্কৃতিৰ বিকাশৰ ধাৰাক অধিক তৰান্বিত কৰাৰ লক্ষ্যৰে আৰু ইয়াৰ সমৃদ্ধ সংস্কৃতিৰ সম্যক পৰিচয় তুলি ধৰাৰ প্ৰয়াসেৰে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ উদ্যোগত আৰু সংগীত নাটক একাডেমী, নতুন দিল্লীৰ সহযোগত প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ ভাষাত যুৱ নাট্য সমাৰোহৰ আয়োজন কৰা হৈছে।
অহা ইংৰাজী ২৬ আৰু ২৭ অক্টোবৰ, ২০২৩ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আবেলি ৫ বজাৰ পৰা এই যুৱ নাট্য সমাৰোহৰ আয়োজন কৰা হৈছে। অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ এক উৎসৱ হিচাপে আয়োজন কৰা ‘Bingul-A Festival of Tea Tribes and Adivasi communities of Assam’ লৈ সকলো ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰা হৈছে। ৰাজ্যখনৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱ সমাজক তেওঁলোকৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয়ৰ প্ৰতি সজাগ আৰু উৎসাহিত কৰিব তুলিব পৰা এনে অনুষ্ঠানৰ আয়োজনে স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বুলি উদ্যোক্তাসকল আশাবাদী।
প্ৰথমবাৰৰ বাবে অহা ২৬ আৰু ২৭ অক্টোবৰ, ২০২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকি শিল্পীসকলৰ লগতে উদ্যোক্তাসকলকো উৎসাহিত কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ,অসম চৰকাৰৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে সুধী সমাজক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.