মিচিং অলিম্পিক অনুষ্ঠিত

0 129

টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত ২৫ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছে মিচিং অলিম্পিক। গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতী সকলৰ ক্ৰীড়ামূলক প্ৰতিভা বিকাশৰ উদ্দেশ্যে ধেমাজিৰ জোনাইৰ পবা আৰু মুৰ্কং চেলেক মহাবিদ্যালয় খেলপথাৰত এই মিচিং অলিম্পিক আয়োজন কৰা হৈছে।

গাওঁ,আঞ্চলিক আৰু জিলা সমিতিৰ পৰ্যায়ত বাচনি কৰা খেলুৱৈ সকলক কেন্দ্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে।আঞ্চলিক পৰ্যায় সমূহত বাচনি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈ জিলা পৰ্যায় সমূহত খেলুৱৈ সকলৰ বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছে।ইয়াৰ সমান্তৰালভাৱে জোনাই জিলা পৰ্যায়তো ২১ আৰু ২২ অক্টোবৰ দুদিনীয়া কাৰ্যসূচীৰে আবুটানি লত্তা,জনেকৰংত বাচনি প্ৰক্ৰিয়া আয়োজন কৰা হৈছে।এই বাচনি প্ৰক্ৰিয়াৰ শুভাৰম্ভণি অনুষ্ঠানটো যোৱা ইং ২১ অক্টোবৰত মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ ৰাজু মেদকে শুভউদ্বোধন কৰে।
আনহাতে আজিৰ অনুষ্ঠানত দৌৰবিদ হিমা দাস,শিক্ষামন্ত্ৰী ৰনোজ পেগু, বিধায়ক ভূৱন গাম উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.