অভিলেখ গঢ়িলে সুৰাই- বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ

0 144

প্ৰত্যেক বছৰেই বিভিন্ন উৎসৱ-পাৰ্বনৰ সময়ত অসমত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।মঙলবাৰে বিজয়া দশমীৰে শাৰদীয় দুৰ্গোৎসৱৰ সামৰণি পৰিল।

শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজত সুৰাপায়ীসকলে অভিলেখ গঢ়িলে৷দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ২২.৫কোটি টকাৰ সুৰা। এইবছৰ সুৰাৰ বিক্ৰী প্ৰায় ৬ কোটি টকালৈ বৃদ্ধি পালে।উল্লেখ্য যে এইবাৰ দশমীৰ দিনাও সুৰাৰ বিপনী খোলা আছিল।

আবকাৰী বিভাগৰ তথ্য মতে গুৱাহাটী মহানগৰীত অষ্টমী, নৱমী আৰু দশমীৰ দিনা অৰ্থাৎ তিনি দিনত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী হয়।চৰকাৰখনে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব দিছে। যাতে ৰাজহৰ পৰিমাণ বৃদ্ধি পায়।ইয়াৰ বাবে চৰকাৰে সুৰাৰ বিপণী বৃদ্ধিত বিশেষ গুৰুত্ব দিছে।

বিশ্বকৰ্মা পূজাৰ দিনাও অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হৈছিল গুৱাহাটী মহানগৰীত। এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৮.৪০কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। ২০২০ বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা বিক্ৰী হৈছিল ৬.২০ কোটি টকাৰ সুৰা ৷ আনহাতে ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০কোটি টকা৷

আবকাৰী বিভাগৰ তথ্য মতে অসমত বৰ্তমান ১,৬৮৪ খন বিলাতী সুৰাৰ দোকান থকাৰ উপৰিও ৮৯৬ খন বাৰ আৰু খন দেশীয় সুৰাৰ দোকান আছে। চৰকাৰী তথ্য মতে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহতে অসমত আবকাৰী ৰাজহ সংগ্ৰহ হৈছিল ১,৭১৮.৭৫ কোটি টকা৷ উল্লেখ্য যে অসমত দৈনিক গড়ে ১০.৮৬ কোটি টকাৰ আবকাৰী ৰাজহ সংগ্ৰহ হয়। সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয়।

Leave A Reply

Your email address will not be published.