দুটা কণমানিৰ গীতত বিমুগ্ধিত হ’ল ডি জি পি

0 216

অ’মোৰ ধৰিত্ৰী আই,চৰণতে দিবা ঠাই।
খেতিয়কৰ নিস্তাৰ নাই,মাটিৰ বিনে অসহায়,
দয়া কৰা,দয়াশীলা আই।

দুটি কণমানিয়ে এই গীত পৰিৱেশন কৰি বিমুগ্ধ কৰিলে ডি জি পি জি পি সিং আৰু তেখেতৰ সহধৰ্মিনীক।উল্লেখ্য যে মহানগৰীৰ আৰক্ষী নিৱাসত আয়োজিত দুৰ্গা পূজাৰ এক অনুষ্ঠানত নৱমীৰ দিনা এই গীত পৰিৱেশন কৰিছিল দুটা কণমানিয়ে৷কণমানি দুটাৰ নাম স্পিঞ্জাৰ হুছেইন আৰু চাইম হুছেইন।তেওঁলোক কনিষ্টবল তাৰিক হুছেইনৰ পুত্র।

শিশু দুটাৰ সৰলতাত ডি জি পিয়ে বিমুগ্ধ হৈ তেওঁলোকক আৰ্শীবাদ প্ৰদান কৰা লগতে নগদ ধন প্ৰদান কৰে। এই অনুষ্ঠানত ডি জিপি পৰিয়াল,আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়া জোৱানৰ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.