কালিৰে পৰা বাহাল হ’ব আংশিক লকডাউনৰ নতুন নীতি-নিৰ্দেশনা

0 258

ৰাজ্যত বাহাল আছে আংশিক লকডাউনৰ ব্যৱস্থা।ক’ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা।সেই অনুসৰি দুপৰীয়া ১২বজাত সকলো দোকান-পোহাৰ বন্ধ কৰিব লাগিব। পূৰ্বতে এই সময়সীমা আছিল পুৱা ১১ বজাৰ পৰা।ইফালে ১বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।আনহাতে পূৰ্বতে সান্ধ্য আইন আছিল দুপৰীয়া ১২বজাৰ পৰা।এতিয়াৰে পৰা দিনৰ ১বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।পূৰ্বৰ দৰে আন্তজিলা যাতায়তৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।অৱশ্যে এই নীতি নিৰ্দেশনা অহা ৬ জুনৰ পৰা ১৬জুনলৈ জাৰি কৰা হৈছে ।

Leave A Reply

Your email address will not be published.