বিশ্ব পৰিবেশ দিৱসৰ বিশেষ-সময় থাকোতেই সজাগ হওক

0 274

এক বৃক্ষ দশ পুত্ৰৰ সমান । কথাষাৰৰ তাৎপৰ্য আছে।আজি বিশ্ব পৰিৱেশ দিৱস।পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থাক সুৰক্ষা কৰা তথা সংৰক্ষণ উদ্দেশ্য আগত ৰাখি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । বিশ্বত পোন প্ৰথমে ১৯৭২ চনত পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল।২০২১ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হ’ল Eco system Restoration . অৰ্থাৎ খাল,বিল ,জলাশয়, গছ গছনি ৰোপন কৰি প্ৰাকৃতিক পৰিৱেশ পুনৰ উজীৱিত কৰা।প্ৰাকৃতিক পৰিৱেশ সুস্থ নহ’লে বতৰ পৰিৱৰ্তন,জলবায়ু সন্তোলিত , জীৱন ধাৰণৰ প্ৰতিও ভাবুকি আহে।
আধুনিকতা ধামখমীয়া পৰিৱেশে সমগ্ৰ বিশ্ব পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থালৈ অশনি সংকেত কঢ়িয়াই আনিছে।যাৰ ফলত পৰিৱেশ প্ৰদূষণ হৈছে। নগৰীকৰণ ব্যৱস্থায়ে গছ গছনি তহিলং কৰাত ইন্ধন যোগাইছে।যাৰ পৰিণতিত কৃত্ৰিম অক্সিজেন ব্যৱহাৰ কৰিব লগা হৈছে।
জীৱকুলক কৰা অত্যাচাৰৰ পৰিণতিত সম্প্ৰতি মাস্ক ব্যৱহাৰ কৰিব লগা অৱস্থা হৈছে।শেহতীয়াকৈ হ’লেও মানৱ জাতিয়ে বুজি উঠিছে যে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থা সুস্থ হৈ থাকিলেহে পৃথিৱীত জীৱন সম্ভৱ।সেয়ে বৃক্ষ ৰোপনৰ জোৱাৰ উঠিছে।ই অতিকে ইতিবাচক কথা।
এক জাৰ্ণেলত প্ৰকাশিত তথ্য অনুসৰি আজি পৰা ১০ বছৰ আগতে বিশ্ব প্ৰকৃতিৰ যি সেউজময় সৌন্দৰ্য্য আছিল,সেয়া প্ৰায় নোহোৱা হৈছে।যাৰ ফলশ্ৰুতিত বিলুপ্ত হৈছে বহু জীৱ জন্তুৰ।আজি অৰণ্য মানৱ যাদৱ পায়েঙ নলবাৰীৰ মেণ্ডেলাই উত্তৰ পুৰুষৰ বাবে যি কৰিছে আমিও তেনে কামৰ অংশীদাৰ হোৱা উচিত,আহক পাৰিপাৰ্শ্বিক অৱস্থাক সুন্দৰ কৰো।

Leave A Reply

Your email address will not be published.