কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

0 95

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা কলাগুৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,প্ৰসিদ্ধ সাহিত্যিক,সমালোচক,চিন্তাবিদ ড০গোবিন্দ প্ৰসাদ শৰ্মাক আজি মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপূৰৰ নিজ বাসভৱনত
পৰাগজ্যোতি প্ৰকাশনৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে।ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আদিৰে সম্ভাষণ জ্ঞাপন কৰে প্ৰকাশনৰ হৈ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা বোলছৱি পৰিচালক অৱনী ৰঞ্জন পাঠক, সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক,সাহিত্য কোঁৱৰ কমল কলিতা, বিশিষ্ট গীতিকাৰ- সাহিত্যিক শচীন দাস আদিয়ে।প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি বিশিষ্ট শিক্ষাবিদ, পণ্ডিত ড০ গোবিন্দ প্ৰসাদ শৰ্মাই কয়- অসম সাহিত্য সভাক উত্তৰ- পূৰ্বাঞ্চলৰ মানুহে মনে-প্ৰাণে ভাল পায়।বৰ আদৰৰ অনুষ্ঠান। যতীন্দ্ৰনাথ দুৱৰা, চৈয়দ আব্দুল মালিকৰ সভাপতি থকা সময়ৰ পৰা সাহিত্য সভাৰ সভা চোৱা,শুনা আৰু তেওঁলোকৰ প্ৰগাঢ় ব্যক্তিত্বই সন্মোহিত কৰে । কিন্তু আজিৰ প্ৰেক্ষাপটত সাহিত্য সভাৰ গৰিমাত ম্লান পৰিছে । নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দি জ্যেষ্ঠজনে চালক হৈ আগুৱাই নিব লাগিব।” সাহিত্যিক পেন্সনাৰ কমল কলিতাই কয়- “সমাজত একাংশ ব্যক্তিয়ে নিৰলস ভাৱে যিকোনো বিষয়ত সাধনা কৰি আছে । সুদিনৰ অপেক্ষাত ৰৈ আছে । ড০ শৰ্মা চাৰো ইয়াৰে এজন ।” সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠকে কয়- “ড০ গোবিন্দ প্ৰসাদ শৰ্মাই ইংৰাজী-অসমীয়া উভয় ভাষাতে সৰলতাৰে সাহিত্য সৃষ্টিৰ লগতে ইয়াৰ গঠনমূলক আলোচনা দাঙি ধৰি সাহিত্যৰ ভৰাল কপকপীয়া কৰি তুলিছে ।” সাহিত্যিক শচীন দাসে কয়- “সমাজলৈ বৰঙণী যোগোৱা ব্যক্তিসকলক, সমাজে যথাস্থানত সন্মানিত কৰিব লাগে ।ড০শৰ্মাৰ চিন্তা, সাহিত্য কৃতীয়ে অসমৰে নহয় ভাৰতৰ সাহিত্যৰ ভৰাল চহকী কৰিছে ।” সাংবাদিক, কবি দীপক শৰ্মাই কয়- “যি কামেৰে মহৎ হ’ব পাৰি সেই কাম প্ৰতিজন মানুহে কৰিব লাগে । ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিব লাগে ।অনুষ্ঠানত ড০ শৰ্মাৰ পত্নী তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অঞ্জলি শৰ্মাও সভাত উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.