অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু অমূল্য কাকতি বঁটা প্ৰাপক, শিল্পী পেঞ্চনাৰ তথা কাঁহুদী, সময়ৰ শৰৰ উপৰি কাৰ্টুন জগতৰ ধ্ৰুৱতৰা প্ৰখ্যাত কাৰ্টুনিষ্ট ত্রৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা ২০২২”ৰ বাবে কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামক নিৰ্বাচিত কৰা হৈছে ৷ বিশিষ্ট কাৰ্টুনিষ্ট গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হ’ব। অহা ২০ নৱেম্বৰত গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হ’বলগীয়া চেমনীয়া সকলৰ বৌদ্ধিক বিকাশৰ অন্যতম মঞ্চ সোণপৰুৱাৰ হাঁহিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীত উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি প্ৰয়াত শিল্পী গৰাকীৰ ভতিজা বিশিষ্ট লেখিকা ড° নঞ্জু দত্ত আৰু সোণপৰুৱাৰ হাঁহি অনুষ্ঠানটিৰ সভাপতি শুক্লেশ্বৰ নাথ তথা সম্পাদক ঊষামণি শইকীয়াই জনাইছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন