কাৰ্টুনৰ জৰিয়তে ক’ৰণাৰ সজাগতা সৃষ্টি কৰিছে এগৰাকী অসম সন্তানে

0 299

কাৰ্টুন হ’ল এনে এবিধ শিল্পকলা যাৰ জৰিয়তে সমাজৰ বিবিধ প্ৰতিছবি প্ৰতিফলিত হয়। সুদীৰ্ঘ ২৩বছৰ ধৰি কাৰ্টুনৰ জৰিয়তে জন মানসত স্থান লাভ কৰিবলৈ সক্ষম হোৱা কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম।
 
ক’ভিড১৯ৰ অন্যতম যোদ্ধা হিচাপে ৰাজবংশীয়ে অসমীয়া বিভিন্ন ফকৰা যোজনা বা ৰসাল কথাৰ বাক্যাংশ সন্নিৱিষ্ট কৰি কাৰ্টুন আঁকি গৈছে। যাৰ বাবে সকলো সময়তে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। বৰপেটাৰ সৰভোগৰ সন্তান নিতুপৰ্ণ ৰাজবংশীয়ে অংকন কৰা কাৰ্টুন অলপতে এখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে। গ্ৰন্থ খনৰ নাম covid কথা। উল্লেখ্য যে এই গ্ৰন্থখন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষ ৱৰ্দ্ধনে কালি উন্মোচন কৰে।
 
পৰ্বতে পৰ্বতে বগাব পাৰো মই,লতা বগাবলৈ  টান,সদৌটি জ্ঞানীকে বুজাব পাৰো মই,তোমাক বুজাবলৈ টান।এনেধৰণৰ ৰসাল,তত্বগধূৰ কথাৰে জনসজাগতা সৃষ্টি কৰাৰ বিপৰীতে নিতুপৰ্ণ ৰাজবংশীয়ে অন্য এটা কাৰ্টুনত এনেদৰে লিখিছে-হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত,পাৰ হৈ পৰিমগৈ চালত,যদিহে ওলাই থাকা বাহিৰত ,ক’ৰণা হৈ ধৰিমগৈ তোমাৰে শৰীলত,চন্দ্ৰবিন্দু হৈ থাকিমে তোমাৰ নামৰ আগত।
 
এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নিতুপৰ্ণ ৰাজবংশীয়ে কয় যে COVID কথা নামৰ গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংকুৰণ দত্তৰ তত্ত্বাৱধানত প্ৰকাশ পাইছে। এই গৱেষণামূলক গ্ৰন্থখনত ক’ৰণাৰ বিষয়ে বহুতো নজনা কথা সন্নিৱিষ্ট কৰা হৈছে। বহুক্ষেত্ৰত নিতুপৰ্ণই অংকন কৰা কাৰ্টুন সমূহ একাংশ দুষ্কৃতিকাৰী চক্ৰই অপব্যৱহাৰ কৰে বুলি  মন্তব্য কৰি  কয় যে একোটা শিল্পকৰ্ম সাধনাৰে ফল। তাত যথেষ্ট ত্যাগ আৰু কষ্ট অন্তৰ্নিহিত হৈ থাকে।
 
সেয়েহে এই শিল্পকৰ্ম বিধক সকলোৱে সন্মান কৰা উচিত। উল্লেখ্য যে নিতুপৰ্ণ ৰাজবংশীয়ে ৱেবছাইট আৰু ফেচবুক পেজৰ জৰিয়তে ফ্ৰী লান্স জাৰ্ণালিষ্ট হিচাপে কাম কৰি আছে।
 
আৰু বহু সময়ত আগশাৰীৰ পেপাৰতো তেখেতৰ কাৰ্টুন প্ৰকাশ হয়। কাৰ্টুনৰ জৰিয়তে সমাজত  জনমত গঢ়িবলৈ সক্ষম হোৱা নিতুপৰ্ণ ৰাজবংশীৰ এই প্ৰয়াসক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অশেষ শুভকামনা।

Leave A Reply

Your email address will not be published.