ক’ৰণাৰ মাজতে মেলেৰিয়া,ডেংগুৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে

0 583

সমগ্ৰ দেশৰ লগতে ৰাজ্যতে ক’ৰণাৰ আতংক অব্যাহত আছে৷তাৰ মাজতে ম’হৰ প্ৰাদুৰ্ভাৱৰ বাবে মেলেৰিয়া,জাপানীজ এনকেফেলাইটিছ,ডেংগু আদি ৰোগ হোৱাৰ আশংকাৰ কৰি নকছাৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত শুকানজনীয়া উপস্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ লাহিং তৰাজান আৰু লাহিং কয়লা জংঘলত আজি নকছাৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷
 
এই সময়চোৱাতে ম’হৰ বংশ বৃদ্ধি হয়৷সেয়ে ম’হৰ বংশ বৃদ্ধি ৰোধৰ বাবে আজি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিভাগীয় লোক আহি অঞ্চল দুটাত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে৷নকছাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এই ব্যৱস্থাক অঞ্চলটোৰ ৰাইজে ধন্যবাদ জনাইছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে.. প্ৰতিবেদন

Leave A Reply

Your email address will not be published.