ৰাজ্যত প্রথমবাৰৰ বাবে থলুৱা প্ৰযুক্তিৰে কম মূল্যত কৃষকৰ সুবিধাৰ বাবে ইন্ধন ৰাহিকাৰক ডিজেল আৰু পেট্ৰলচালিত পাৱাৰ টিলাৰ নিৰ্মাণ কৰি সকলোৰে সমাদৰ লাভ কৰাৰ পাছত কুমাৰ ইঞ্জিনীয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ গুৱাহাটীৰ ধাৰাপুৰ নতুন বস্তিত থকা কাৰখানাত পৰিবেশ অনুকূল ই- ৰিক্সাৰ নিৰ্মাণ তথা উৎপাদন আৰম্ভ কৰিছে । ইতিমধ্যে ভোগালী বিহুৰ সময়ত থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা ই-ৰিক্সাৰ পৰীক্ষামূলক চালনা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই পৰীক্ষামূলক প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰিছিল । এই সন্দৰ্ভত কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ আৰু উদ্যমী ব্যক্তি কুমাৰ গৌৰৱে জানিবলৈ দিয়া মতে তেওঁলোকৰ ধাৰাপুৰ নতুন বস্তিত থকা উদ্যোগত “মেক ইন ইণ্ডিয়া” কাৰ্যসূচীৰ আধাৰত এটি অভিযন্তা আৰু বিশেষজ্ঞৰ দলে প্ৰায় তিনিমাহ যোৰা প্ৰচেষ্টাৰ অন্তত এই “৮৮৮-ই ” নামৰ ই-ৰিক্সাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে । সকলো ঠিকে ঠাকে থাকিলে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বাণিজ্যিক ভিত্তিত এই “৮৮৮ ই ” মডেলৰ ই ৰিক্সাৰ মুকলি কৰিব পৰা হব । জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত থকা কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয়ত এই ৰিক্সা সমূহ ৰখা হৈছে । চালকসহ ৫ জন প্ৰাপ্তবয়স্ক লোক বহি যাব পৰা ই ৰিক্সা সমূহত বিশ্বমানৰ কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা হৈছে । প্ৰথম পৰ্যায়ত ৰঙা আৰু নীলা দুটা ৰঙত উপলব্ধ হবলগীয়া ই ৰিক্সাৰ সমুহৰ বডীত অতি উন্নতমানৰ এম এছ ছিট আৰু চকাত এলয় হুইল ব্যৱহাৰ কৰা হৈছে । তেনেদৰে যাত্ৰীৰ মনোৰঞ্জনৰ বাবে ৰিক্সাৰ মিউজিক ছিষ্টেম সংযোজন কৰা হৈছে । এবাৰ চার্জ দিলে যিকোনো পথত প্ৰায় ৮০ কিঃমিঃ দূৰত্বলৈ যাত্ৰা কৰিব পৰা এই ই ৰিক্সাৰ মূল্য মাত্ৰ ১.৪৬ লাখ টকাৰ ভিতৰত ৰখা হৈছে । অতি আৰামদায়ক যাত্ৰাৰ উদ্দেশ্যৰ বাবে বডীত জিন্দাল ষ্টীল ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে ভাৰত চৰকাৰৰ লঘু আৰু ক্ষুদ্র উদ্যমিতা বিভাগ চমুকৈ এম এছ এম ই য়ে কুমাৰ ইঞ্জিনীয়াৰিঙক এই ই-ৰিক্সাৰ উৎপাদনৰ বাবে প্ৰমাণ পত্ৰ দিছে বুলি কুমাৰ গৌৰৱে জানিবলৈ দিছে । প্ৰায় ৩০ জনৰো অধিক থলুৱা আৰু দক্ষ শ্ৰমিক ই-ৰিক্সাৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে । ফেব্ৰুৱাৰী মাহৰ পৰা মাহেকত ১,২০০ ইউনিট উৎপাদন তথা নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন